পুৰণিগুদামত সংৰক্ষিত হৈ আছে আজান পীৰৰ তজবীৰ আৰু আজান পীৰে লিখা এখন চিলচিলা

 05/08/2019 - 13:44

চামগুৰি: হিন্দু-মুছলমানৰ ঐক্য সম্প্ৰতিৰ চানেকি স্বৰূপ নগাঁৱৰ পুৰণিগুদামত আজিও অক্ষত অৱস্থাত আছে ইতিহাসৰ বহুবোৰ আপুৰুগীয়া সম্পদ। এফালে যদি ব্ৰহ্মচাৰী সত্ৰত আহোম স্বৰ্গদেৱে প্ৰদান কৰা প্ৰায় তিনিশ বছৰীয়া তামৰ ফলি, ঠিক একেদৰে আনফালে আকৌ প্ৰায় ১১৭বছৰ গৰকা বৰ মছজিদৰ ঐতিহাসিক মিনাৰটো অক্ষত অৱস্থাত স্থানান্তকৰণ প্ৰক্ৰিয়া। ইয়াৰ মাজতে আৰু দুপদ পৌৰাণিক বস্তুৰ সংৰক্ষণে পুনৰ উৎফুল্লিত কৰিছে পুৰণিগুদামবাসীক। সংস্কৃতিৰ বৰঘৰস্বৰূপ নগাঁৱৰ পুৰণিগুদামত থকা এই কেইপদ ঐতিহাসিক বস্তু আন একো নহয়।

নগাঁৱৰ পুৰণিগুদামত সুৰক্ষিতভাৱে সংৰক্ষিত হৈ আছে আজান পীৰৰ তজবীৰ আৰু আজান পীৰে নিজ হাতেৰে লিখা এখন চিলচিলা। পুৰণিগুদাম মাজগাঁৱৰ নিৱাসী চৈয়দ মুজিৰুল হুছেইনৰ ঘৰত সংৰক্ষিত হৈ থকা আজান পীৰ চাহাবৰ তজবী আৰু আজান পীৰে নিজৰ হাতে লিখা চিলচিলা চাবলৈ বিভিন্ন সময়ত এতিয়া ভিৰ কৰা পৰিলক্ষিত হৈছে অজস্ৰজনে। এই দুপদ পৌৰাণিক সম্পদ ১৯১৬ চনতে মুজিৰুল হুছেইনৰ পিতৃ প্ৰয়াত নুৰুল হুছেইনক দি থৈ গৈছিল তেখেতৰ পিতৃ চৈয়দ মহম্মদ হাছানে।

প্ৰচলিত আছে যে মৃত্যুৰ পূৰ্বে আজান পীৰে তেওঁৰ প্ৰিয় শিষ্য তথা মুজিৰুল হুছেইনৰ এজন পূৰ্বপুৰুষক প্ৰদান কৰিছিল তজবী ডাল, আৰু তেতিয়াৰ পৰাই মুজিৰুলৰ পৰিয়ালে সাত পুৰুষ ধৰি চামে-চামে সংৰক্ষণ কৰি আহিছে অদৃশ্য শক্তিৰে ভৰা তজবী ডাল। উল্লেখযোগ্য যে, বহু বছৰৰ পূৰ্বে শিৱসাগৰ নাজিৰাৰ পৰা মুজিৰুল হুছেইনৰ ককাকে ইছলাম ধৰ্ম আৰু জিকিৰ-জাৰি প্ৰচাৰৰ বাবে আহি নগাঁৱৰ পুৰণিগুদামত নিগাজীকৈ বসবাস কৰিবলৈ লোৱাৰ বাবেহে এই ঐতিহাসিক তজবীডাল তথা চিলচিলাখন আজিও পৰিয়ালটোৰ তত্ত্বাৱধানত সংৰক্ষিত হৈ আছে পুৰণিগুদামত।

ইফালে এই ঐতিহাসিক তজবীডাল চাবলৈ অথবা এইডাল লৈ নিজৰ ইষ্টজনক দোৱা কৰিবলৈ অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন জাতি-ধৰ্ম-বৰ্ণ, ভাষা-ভাষীৰ লোকে প্ৰায়ে ভিৰ কৰেহি পুৰণিগুদাম মাজগাঁৱৰ বিশেষ ঘৰখনত। প্ৰবাদ আছে প্ৰথমে স্নান কৰি পৱিত্ৰ মনৰে পীৰৰ তজবীডাল হাতত লৈ দোৱা বা আৰাধনা কৰিলে সকলো আশা সিদ্ধি হয় ভক্ত সকলৰ।

অৱশ্যে স্বনামধন্য প্ৰয়াত সাহিত্যিক চৈয়দ আব্দুল মালিকেও বিশেষ স্থানত প্ৰদৰ্শন কৰিবৰ বাবেও আজান পীৰ চাহাবৰ তজবীডাল গুৱাহাটীলৈ লৈ গৈছিল বুলি জানিবলৈ দিয়ে মুজিৰুলৰ পৰিয়ালটোৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।