গাড়ী চালকক প্ৰহাৰ কৰা মৰেল পুলিচক জেল হাজোতলৈ প্ৰেৰণ

 05/08/2019 - 14:00

বঙাইগাঁওঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বেছিমাৰীত যোৱা ১৮ এপ্ৰিল তাৰিখে মৰেল পুলিচৰ গণ প্ৰহাৰত গাড়ী চালকক গুৰুতৰ ভাৱে আহত কৰাত কালি এজন মৰেল পুলিচক জেল হাজোতলৈ প্ৰেৰণ কৰে। জানিব পৰা মতে,বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দাবনদীয়া গাৱৰ মাইন উদ্দিন নামৰ এজন ব‍্যক্তিয়ে As-15-Ac 1760 নাম্বাৰৰ মহেন্দ্ৰ মাল পৰিবহন কৰা গাড়ীৰে চিমেণ্ট লৈ বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰক্ষণ চকীৰ বাংলাপাৰা লৈ যায়।

বাংলাপাৰাত চিমেণ্ট নমাই মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গড়কাপ্তানী ৰাস্তাৰে বেছিমাৰী হৈ নিজগৃহলৈ উভতি যোৱাৰ সময়ত পূৰ্বতে খাপপিটি থকা মহানন্দ কলিতাৰ পুত্ৰ প্ৰণৱ কলিতাৰ নেতৃত্বত এটা দহজনীয়া মৰেল পুলিচৰ দলে ৰাস্তা আগভেটি গাড়ী ৰখাই মাইনউদ্দিন নামৰ চালকজনক গৰু চোৰৰ গইনা লৈ উপৰ্যুপৰি প্ৰহাৰ কৰি টকা কাঢ়ি লৈ গাড়ীখন জ্বলাই দিয়ে।

বিশেষ সুত্ৰে খবৰ লাভ কৰি ছালাবিলা আৰক্ষী চকীৰ উপ পৰিদৰ্শক জাহান উদ্দিন শ্বেখৰ নেতৃত্বত আৰক্ষীৰ সজাতি দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি মাইনউদ্দিনক উদ্ধাৰ কৰি মাণিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে। পিছত মাইনউদ্দিনে ছালাবিলা আৰক্ষী নিয়ন্ত্ৰণ চকীত ৯০/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইন ৩৪১/২৯৪/৩৯৭/৪৩৫ আইপিচিত এক গোচৰ ৰুজু কৰে।

ছালাবিলা আৰক্ষীয়ে উক্ত গোচৰৰ ভিত্তিত ন‍্যায়িক তদন্ত কৰি কালি সন্ধিয়া প্ৰণৱ কলিতা নামৰ এজন মৰেল পুলিচক গ্ৰেপ্তাৰ কৰি বঙাইগাঁও জিলা ন‍্যায়িক দণ্ডাধীশ আদালতৰ জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।