দৰঙৰ শ্যামপুৰত ভূমি বিবাদক কেন্দ্ৰ কৰি আৰক্ষীৰ গুণ্ডাৰাজঃ আদালতত গোচৰ

 05/08/2019 - 14:45

দৰংঃ দৰঙৰ ৪ নং শ্যামপুৰ গাঁৱত মজিবৰ পৰামানিকৰ নামত থকা বিছ বিঘা মাটিক লৈ‌ কালাম আলী আৰু মজিবৰৰ মাজত চলি আছিল বিবাদ যদিও দুয়োপক্ষই বিবাদমান ভূমিত ঘৰ-দুৱাৰ সাজি বসবাস কৰি আছিল। মাটিৰ বিবাদ থকাৰ পছতো দুয়োপক্ষৰ মাজত হোৱা নাছিল কোনো কাজিয়া । যোৱা ৩০ এপ্ৰিলত দলগাঁও ৰাজহ চক্ৰ বিষয়াৰ এক চিঠি মৰ্মে ৪নং শ্যামপুৰ গাঁৱৰ ২৩৭,২৩৮,২৩৬,আৰু ৩১২ নং দাগৰ বিছ বিঘা মাটিৰ চাৰি সীমা শ্যামপুৰ আৰক্ষীক দেখুৱাই দিবলৈ দুজন মণ্ডল পঠাই দিয়ে।

শ্যামপুৰ আৰক্ষী বিষয়াজনে এক গোপন বুজা-বুজিৰ ভিত্তিত বিশাল আৰক্ষী বাহিনীৰ লগতে কালামৰ পক্ষৰ কিছু গুণ্ডা প্ৰকৃতিৰ লোক লগত লৈ মাটিৰ সীমা দেখুৱাই দিয়াৰ ছলেৰে মজিবৰ পৰামানিকৰ ঘৰত প্ৰৱেশ কৰি পুৰুষসকলক টানি চুঁচৰাই গাড়ীত তুলে আৰু ঘৰত থকা মহিলাসকলক মাৰধৰ কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি বাকচৰ পৰা টকা,আ-অলংকাৰ আৰু মূল্যবান নথি-পত্ৰ লৈ যোৱা বুলি অভিযোগ তুলি মজিবৰ পৰামানিকে শ্যামপুৰ থানাত এজাহাৰ দাখিল কৰে। আৰক্ষী বিষয়াজনৰ ওপৰতো

অভিযোগ তুলি আদালতত গোচৰ দিয়ে। আৰক্ষীৰ এনে কাৰ্য্যত অঞ্চলবাসী ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ শৃষ্টি হৈছে। শ্যামপুৰ আৰক্ষী বিষয়া জনে নিজৰ অপবাদ ঢাকি ৰখাৰ কাৰনে লাট মণ্ডলৰ পৰা মজিবৰৰ পক্ষৰ লোকে আৰক্ষীক মাৰিবলৈ অহা আৰু ঘৰৰ পৰা লাঠি,জোং আদি উদ্ধাৰ হোৱা বুলি লিখাই লৈ মজিবৰৰ ঘৰৰ তিনিজনকৈ লোকক জেইল-হাজোতলৈ প্ৰেৰণ কৰে। ইফালে,লাট মণ্ডলে মাৰিবলৈ অহা ঘটনাটো অস্বীকাৰ কৰাৰ লগতে আৰক্ষী বিষয়া জনে তেওঁৰ পৰা বলপূৰ্বক লিখাই লোৱা বুলি কয়। সমাজ এখনক সুস্থিৰ কৰি ৰখা আৰক্ষীৰ এনে ঘৃণনীয় কাৰ্য্যক ধিক্কাৰ দিছে আৰু এই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। আৰক্ষী বিষয়া জনৰ এনে পক্ষপাতমূলক আচৰণে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।