ই-ৰিক্সাৰ বিৰুদ্ধে ডিব্ৰুগড় জিলা প্ৰশাসনৰ অভিযান

 05/08/2019 - 15:03

ডিব্ৰুগড়ঃ অবৈধভাৱে চলোৱা ই-ৰিক্সা চালকৰ বিৰুদ্ধে এইবাৰ ডিব্ৰুগড় জিলা প্ৰশাসনৰ অভিযান। ডিব্ৰুগড় জিলাখনৰ বিভিন্ন স্থানত অবৈধভাৱে চলোৱা ই-ৰিক্সাৰ বিৰুদ্ধে প্ৰশাসনে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ।জিলাখনৰ

ডিব্ৰুগড়, মৰাণকে ধৰি জিলাখনৰ বিভিন্ন নগৰত অবৈধভাবে চলাচল কৰি থকা ই-ৰিক্সাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি পৰিবহন বিভাগে কালিৰে পৰা জিলাখনৰ ঠায়ে ঠায়ে অভিযান আৰম্ভ কৰিছে।

ইফালে অভিযানকালত বিভাগটোৱে এই পৰ্যন্ত ৮ খন ই-ৰিক্সা জব্দ কৰিছে। তদুপৰি অবৈধভাবে চলাচল কৰি থকা আন ৬ খন অ’টৰিক্সাও জব্দ কৰিছে পৰিবহন বিভাগে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।