সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ দুৰ্নীতিৰ বিৰুদ্ধে মৌন মুখ্যমন্ত্ৰী

 05/08/2019 - 16:53

ডিব্ৰুগড়ঃ সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদত কোটি টকীয়া টিনপাত কেলেংকাৰীৰ অভিযোগ উঠিছে। কোটি টকীয়া টিনপাত কেলেংকাৰীৰ অভিযোগ দিয়াৰ পিছতো গুৰুত্ব দিয়া নাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা সততে ঘোষণা কৰি থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জনগোষ্ঠীয় স্বায়ত্ব শাসিত পৰিষদত সংঘটিত বিয়াগোম কেলেংকাৰীৰ তদন্তত হাত উজান দিয়াৰ অভিযোগ উত্থাপন হৈছে।

আজি ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা এক সংবাদেমলত সোণোৱাল কছাৰী যুৱ মঞ্চই স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী আৰু উপ-মুখ্য কাৰ্যবাহীৰ উত্থাপিত হোৱা কেলেংকাৰীৰ বিৰুদ্ধে ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ উত্থাপন কৰে। বিষয়টোৰ সন্দৰ্ভত এক সপ্তাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণ নকৰিলে ন্যায়ালয়ৰ কাষ চাপিব বুলি উল্লেখ কৰিছে সোনোৱাল কছাৰী যুৱ মঞ্চই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।