ৰঙিয়াত বাতৰি কাকতৰ শুভ উদ্বোধন

 05/08/2019 - 17:02

ৰঙিয়া: ৰঙিয়া পৰা নতুনকৈ প্ৰকাশ পোৱা ৰঙিয়াৰ বাতৰি নামৰ সাপ্তাহিক কাকতখন ৭ মে' তাৰিখে অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতাই আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰে। ৰঙিয়া মহকুমাধিপতি পথত থকা ৰঙিয়াৰ বাতৰিৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা শুভ উদ্বোধনী অনুষ্ঠানটোত প্ৰতিবিম্ব লাইফ তথা প্ৰতিবিম্ব কাকতৰ সম্পাদক তফিকুদ্দিন আহমেদ, প্ৰতিমা বৰুৱা কলা কৃষ্টি কেন্দ্ৰৰ সভাপতি অজিত বৰ্মনৰ লগতে কাকতখনৰ স্বত্বাধিকাৰী মুকুল বৰা উপস্থিত থাকে।

ৰঙিয়াৰ বাতৰি কাকতৰ সম্পাদক পঙ্কজ পল্লৱ শৰ্মাই অনুষ্ঠানটো পৰিচালনা কৰে। অনুষ্ঠানটোত মন্ত্ৰী ভৱেশ কলিতা, সাংবাদিক তফিকুদ্দিন আহমেদ আৰু অজিত বৰ্মনে ভাষণ ৰাখে। সভাখনত শলাগৰ শঁৰাই আগবঢ়াই সাপ্তাহিক কাকতখনৰ মুখ্য সম্পাদক নছিউৰ ৰহমানে।

প্ৰায় শতাধিক সচেতন ৰাইজ উপস্থিত থকা শুভ উদ্বোধনী অনুষ্ঠানটোত কেইবাগৰাকী ব্যক্তিয়ে কাকতখনৰ সন্ধৰ্ভত বক্তব্য ৰাখে। ইফালে ৰঙিয়াৰ পৰা প্ৰতি সপ্তাহৰ মঙ্গলবাৰে প্ৰকাশ হ'বলগীয়া ৰঙিয়াৰ বাতৰি নামৰ কাকতখনত প্ৰকাশক হিচাপে আছে মুকুল বৰা।

তাৰ উপৰি কাকতখনত মুখ্য সম্পাদক হিচাপে আছে নছিউৰ ৰহমান (অবৈতনিক), সম্পাদক হিচাপে আছে পঙ্কজ পল্লৱ শৰ্মা, কাৰ্যবাহী সম্পাদক হিচাপে আছে নয়নজ্যোতি কলিতা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।