আমগুৰিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ বিভিন্ন সংগঠনৰ

 07/09/2020 - 17:13

 

আমগুৰিঃ আমগুৰিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ৷ অখিল গগৈ, বিতু সোনোৱাল, মানস কোৱৰ, ধৈৰ্য কোৱৰক বিনাচৰ্তে মুক্তিৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আহোম জাতীয় গণমঞ্চ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তাই আহোম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু তাই আহোম যুৱ পৰিষদৰ বিষয়ববীয়াৰ তীব্ৰ প্ৰতিবাদ৷ সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অখিল গগৈ, বিতু সোনোৱাল, মানস কোৱৰ, ধৈৰ্য কোৱৰক উন্নত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।