ৰূপম ভূঞাৰ নতুন এলবাম 'মানুষ খুঁজে বেড়াই’

 05/08/2019 - 17:43

কলিকতাৰ পৰা অভিজিৎ গাংগুলীঃ অসমৰ জনপ্রিয় দৰদী কণ্ঠশিল্পী ৰূপম ভূঞাৰ 'মানুষ খুঁজে বেড়াই’ নামৰ এটি বেংগলী গীতৰ এলবাম এইবাৰ ৰঙালী বিহুৰ বতৰত মুক্তি দিয়া হয়। এই এলবামটিত আছে আমি মানুষ খােজে বেড়ায়, তােমাৰ ঠিকানা, ভড়েৰ সূৰ্য্য, আজ অস্তিত্বৰ, কিছু কথা, আগেৰ মতাে, ধৈর্য্য কোৱাছা আৰু দছমাছ দছদিন শীর্ষক মুঠ আঠোটি গীত।

গীতিকাৰ বৰুণ ঠাকুৰ, সুৰেৰে সজাইছে তপন দেই আৰু এলবামটি বিতৰণৰ দায়িত্ব লৈছে টাইমছ মিউজিক, বাংলাই। এলবামটিৰ শুভমুক্তি অনুষ্ঠানত উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধ্রুপদী নৃত্য বিশাৰদ অলকানন্দা ৰয়। উক্ত অনুষ্ঠানটিত শিল্পী ৰূপম ভূঞাই কেইবাটাও জনপ্রিয় অসমীয়া বিহু গীত পৰিৱেশন কৰি উপস্থিত সকলােকে মন্ত্রমুগ্ধ কৰি তােলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।