ৰহাত অখিল গগৈক মুক্তিৰ দাবীত মানৱ শৃংখল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

 07/11/2020 - 14:24

 

ৰহাঃ অখিল গগৈকে ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সকলো কাৰাবন্দী নেতা-কৰ্মীক শীঘ্ৰে মুক্তিৰ দাবীত ৰহাৰ বাৰপূজীয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল। কৃষক মুক্তিৰ বাৰপূজীয়া আঞ্চলিক সমিতিৰ সদস্যসকলে শনিবাৰে বাৰপূজীয়া চাৰিআলিত এই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। কৃষক মুক্তিৰ নেতাসকলক শীঘ্ৰে মুক্তি দিয়ক, অখিল গগৈৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰক, বিজেপি চৰকাৰ গ'বেক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। কৃষক মুক্তিৰ এই মানৱ শৃংখল কাৰ্যসূচীত আছু, আপ, আদিয়েও অংশগ্ৰহণ কৰে।

      

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।