শোণিতপুৰৰ নামেৰীত চোৰাং কাঠ ব্যৱসায়ী আটক: হস্তনিৰ্মিত বন্দুক উদ্ধাৰ

 05/08/2019 - 17:50

ৰঙাপৰা: শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত নিশা নামেৰী বনকৰ্মীৰ এটা দলে অভিযান চলাই বনাঞ্চলত থকা মূল্যবান গছ কাটি থকা অৱস্থাতে এটা চোৰাং কাঠ ব্যৱসায়ীক আটক কৰে। লগতে লোকজনৰপৰা এটা হস্তনিৰ্মিত বন্দুক জব্দ কৰিবলৈ সক্ষম হয়।

নিশা বনাঞ্চলখনত নামেৰী বনকৰ্মীৰ এটা দলে নিয়মিত তহলদাৰী চলোৱাৰ সময়তে বনাঞ্চলখনৰ ভিতৰত মুঠ সাতজন লোকে চোৰাংভাৱে কাঠ কাটি থকা অৱস্থাত ধৰা পৰে। ইয়াৰে ভিতৰত গিৰীন্দ্ৰ শইকীয়াক আটক কৰে যদিও আন ছয়জন পলাই যাবলৈ সক্ষম হয়।

ইয়াৰে পলাই যাবলৈ সক্ষম হোৱা চোৰাং কাঠ ব্যৱসায়ীকেইটাই ব্যৱহাৰ কৰা এটা হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰা হয়। উল্লেখ্য যে আটক কৰা চোৰাঙ ব্যৱসায়ীকেইটাৰ ঘৰ চাৰিদুৱাৰৰ ভালুকমাৰীত বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।