সুদীৰ্ঘ সাত বছৰৰ পিচত মহামিলন: পিতৃ-মাতৃ, ভাতৃ-ভগ্নীৰ সৈতে মহামিলন এটি কণমানি শিশুৰ

 05/08/2019 - 18:14

শিৱসাগৰ: ৫ বছৰ বয়সৰ পৰা ১২ বছৰলৈ। সুদীৰ্ঘ ৭ বছৰৰ অধীৰ অপেক্ষা, আশা আৰু উৎকণ্ঠাৰ অন্তত নেদেখাজনে পুনৰ মাতৃৰ বুকুলৈ আনি দিয়া এই শিশুটিৰ নাম অভিজিত মুণ্ডা। শিৱসাগৰ জিলাৰ ডিমৌৰ ৰাজমাই চাহ বাগিচাৰ পাখিমূৰী লাইনৰ দৰিদ্ৰ শ্ৰমিক ধনসিং মুণ্ডা আৰু জয়া মুণ্ডাৰ প্ৰথম সন্তান অভিজিত। ৰাজমাই চাহ বাগিচাত ৭ বছৰ পূৰ্বে সুৰক্ষাকৰ্মী হিচাপে কৰ্মৰত মৰিগাওঁ জিলাৰ মিকিৰভেটা পাটগিৰি গাঁৱৰ এজন লোকে ৫ বছৰ বয়সতে পঢ়াই-শুনাই ডাঙৰ মানুহ কৰিম বুলি নিজ ঘৰলৈ লৈ গৈছিল কণমানি শিশুটিক।

নিৰক্ষৰ শ্ৰমিক দম্পতিহালৰ আন দুটি শিশু সন্তানো থকাৰ সুবিধা গ্ৰহণ কৰি চতুৰ সুৰক্ষাকৰ্মীজনে তেওঁৰ ঘৰত ল'ৰা নাই বুলি পতিয়ন নিয়াই শিশুটিক নিজ ঘৰলৈ লৈ আনে। কিন্ত্ত লোকজনে পঢ়া-শুনা কৰোৱাটো দূৰৰে কথা, ছয় বছৰৰো অধিক কাল কঠোৰ ঘৰুৱা কাম কৰাই মানসিক-শাৰীৰিক নিৰ্যাতন চলায় আহিছে শিশুটিৰ ওপৰত। নিৰ্যাতন সহ্য কৰিব নোৱাৰি শিশুটি এদিন সুযোগ বুজি পলাই গৈ মিকিৰভেটা অঞ্চলৰে আন এজন লোকৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰিলে, কিন্তু তাতো ১১ বছৰীয়া শিশুটিৰ প্ৰতি অনুৰূপ আচৰণ।

তাতো মানৱতাৰ বধ্যভূমিত মানুহৰ বেশ ধাৰণ কৰি থকা দানৱৰ পৰিয়ালে আৰম্ভ কৰিলে নিৰবিছিন্ন অত্যাচাৰ। সেই অত্যাচাৰো সহ্য কৰিব নোৱাৰি নিঃসহায় শিশুটি একে অঞ্চলৰে আন এঘৰত আশ্ৰয় ললেগৈ। স্থানীয় একাংশ সচেতন লোকে শিশু শ্ৰমিক হিচাপে কৰ্মৰত ১২ বছৰীয়া লৰাটোক কৰা ব্যৱহাৰ দেখি মিকিৰভেটা আৰক্ষীৰ কাষ চাপিল।

আৰক্ষীয়ে শিশুটিক চমজাই দিলে মৰিগাওঁ জিলা শিশু কল্যাণ সমিতিক। সেইমৰ্মে শিৱসাগৰ জিলা শিশু কল্যাণ সমিতিৰ খবৰৰ ভিত্তিত ডিমৌৰ চনাপুৰ সামাজিক উন্নয়ন সমিতি নামৰ শিশু আৰু কিশোৰ-কিশোৰীসকলৰ কাৰণে কাম কৰা সেচ্ছাসেৱী সংগঠনটোৱে ১২ বছৰীয়া অভিজিত মুণ্ডাৰ পিতৃ-মাতৃৰ সন্ধান উলিয়ায়।

মঙ্গলবাৰে মৰিগাওঁ জিলা শিশু কল্যাণ সমিতিয়ে শিৱসাগৰলৈ আহি এক আবেগিক মুহুৰ্তত পিতৃ-মাতৃৰ হাতত চমজাই দিলে এই শিশুটিক। সাত বছৰীয়া নিৰ্যাতন আৰু পিতৃ-মাতৃক বিচাৰি হাহাকাৰ কৰা শিশুটিক মূৰত পানী ছটিয়াই মাংগলিক নিয়মেৰে ৰাজমাই চাহ বাগিচাৰ নিজা ঘৰখনলৈ আদৰি নিলে পিতৃ-মাতৃয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।