বিৰাট কোহলিৰ ওচৰ চাপিছে কেন উইলিয়ামছন

 03/06/2019 - 18:54

ডিজিটেল ডেস্কঃ আই চি চি টেষ্ট ৰেংকিঙৰ বেটছমেন শাখাৰ শীর্ষস্থান দখল কৰি থকা টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিৰ ওচৰ চাপিছে নিউজিলেণ্ড দলটোৰ অধিনায়ক কেন উইলিয়ামছন। বাংলাদেশৰে সদ্যসমাপ্ত হেমিল্টন টেষ্টত দ্বিশতক অর্জন কৰি কোহলিৰে পইণ্টৰ ব্যৱধান সাত লৈ হ্ৰাস কৰিছে উইলিয়ামছনে।

৯২২ পইন্টেৰে কোহলিয়ে শীর্ষস্থান দখল কৰি থকাৰ বিপৰীতে ৯১৫ পইণ্ট লাভ কৰি উইলিয়ামছন দ্বিতীয় স্থানত আছে। বেটছমেন শাখাত ভাৰতৰ শ্বেটেশ্বৰ পূজাৰা তৃতীয় স্থানত আছে। ইফালে, অষ্ট্রেলিয়াৰ পেট কামিনছে শীর্ষস্থান দখল কৰি থকা বলিং শাখাত ভাৰতৰ হৈ ৰবীন্দ্র জাদেজাই পঞ্চম আৰু ৰবিচন্দ্রন অশ্বিনে দশম স্থানটো অক্ষুন্ন ৰাখিছে। অলৰাউণ্ডাৰ শাখাত ৱেষ্ট ইণ্ডিজৰ জেছন হল্ডাৰে শীর্ষস্থানটো নিজৰ দখলতে ৰাখিবলৈ সক্ষম হয়। ভাৰতৰ ৰবীন্দ্র জাদেজাৰাে স্থানৰ কোনাে লৰচৰ হােৱা নাই। পূর্ব ষষ্ঠ স্থানতে আছে জাদেজা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।