ৰঙাপৰাৰ অসম ভেলি স্কুলৰ আই চি এছ ই পৰীক্ষাত সফলতা

 05/08/2019 - 18:43

ৰঙাপৰাঃ সদ্য ঘোষিত আই চি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফলত শোণিতপুৰ জিলাৰ অসম ভেলি স্কুলে এশ শতাংশ উত্তীৰ্ণৰে সভলতা লাভ কৰিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে শোণিতপুৰ জিলাৰ লগতে সমগ্র ভাৰতবৰ্ষৰে ব্যক্তিগতখন্ডৰ এটি অগ্ৰণী শিক্ষানুষ্ঠান অসম ভেলি স্কুলৰ পৰা এইবাৰ মুঠ ১৩৮ গৰাকী ছাত্র-ছাত্ৰী দশম শ্ৰেণীৰ আৰু ১২০ গৰাকী ছাত্ৰ-ছাত্ৰী দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ বিশেষ সফলতাৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে।ইয়াৰে দ্বাদশ শ্ৰেণীৰ লুনা লক্ষ্মী দাই মানব সম্পদ বিভাগত ৯৮'২৫%,বাণিজ্য বিভাগত প্ৰথম চহৰীয়াই ৯৭'২৫% আৰু বিজ্ঞান বিভাগত চিভান্স বাজাৰ আৰু উৰুলি চাংমাই ৯৫'৫০ % নম্বৰ পাই উত্তীৰ্ণ হবলৈ সক্ষম হয়।দশম শ্ৰেণীৰ পৰীক্ষাত অন্যান্যা শিংয়ে ৯৮.৪০% ৰে প্ৰথম ,হৃৰিষি ৰাজ ছুৰেখা আৰু আৰ্য়ান খাটোৱালাই ৯৭'৮০% পাই দ্বিতীয়,আশ্বমীতা কাকতিয়ে ৯৭'২০ % তৃতীয় আৰু শ্নেহ আগৰৱাল আৰু মেহুল আগৰৱালাই ৯৭% নম্বৰ পাই চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয়।

যিটো সময়ত পৰীক্ষাত নকল,প্ৰশ্ন কাকত ফাদিলৰ বাতৰিয়ে শিৰোনাম দখল কৰে, ঠিক তেনে সময়ত অঞ্চলটোৰ লগতে সমগ্ৰ ভাৰত বৰ্ষতে অগ্ৰণী বিদ্যালয় খনৰ এনে সফলতাত বৌদ্ধিক সমাজৰ দৃষ্টি আকৰ্ষণ কাঢ়িবলৈ সক্ষম হৈছে আৰু লগতে বিদ্যালয় খনৰ সফলতাত ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষায়িত্ৰী,অভিভাৱক সকল আনন্দিত হৈ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।