ডিমৌত এছবিআইৰ এটিএমৰ পৰা চোৰে লুটিলে লক্ষাধিক টকা

 05/08/2019 - 18:58

শিৱসাগৰ: ডিমৌত নিশা এছবিআইৰ এটিএমৰ পৰা চোৰে লুট কৰি নিলে লক্ষাধিক টকা। গেছ কাটাৰেৰে চাটাৰৰ তলা কাটি এটিএমৰ পৰা লুট কৰি নিয়ে টকাখিনি। ডিমৌ কেন্দ্ৰীয় বজাৰৰ এছবিআইৰ এটিএমত এই ঘটনা সংঘটিত হৈছে। নিশা চোৰে এটিএমৰ মেচিনটো কাটি কেচবক্স উলিয়াই লক্ষাধিক টকা লুট কৰি লৈ যায়।

ডিমৌ আৰক্ষী থানাৰ পৰা কেৱল ১০০ মিটাৰ দূৰত্বত অৱস্থিত এটিএমটোত নিশাৰ ভাগত চোৰে বীৰদৰ্পে ছাটাৰৰ তলা গেছ কাটাৰেৰে কাটি নিৰ্বিঘ্নে লুটপাত চলায় এটিএমটোত। এটিএমটোৰ পৰা ৫০ মিটাৰ দূৰত্বত মঙ্গলবাৰে নিশা আছুৰ উদ্যোগত বিহু সন্মিলনৰ সাংস্কৃতিক কাৰ্যসূচী চলি থকাৰ সময়তে চোৰৰ দলে এটিএমটোত প্ৰৱেশ কৰি লুটপাত কৰা কাৰ্যত স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ডিমৌৰ স্থানীয় দণ্ডাধীশ, বেংক কৰ্তৃপক্ষ আৰু ডিমৌ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে ঘটনা সংক্ৰান্তত কোনো লোকক চিনাক্ত বা আটক কৰা নাই।

ইফালে এটিএমটোত কিমান টকা আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।