উত্তৰ গুৱাহাটীত চোৰৰ তাণ্ডৱ, নিশা ইউনাইটেড বেংকৰ তলা ভাঙি লুটপাতৰ প্ৰয়াস

 05/08/2019 - 19:23

গুৱাহাটীঃ উত্তৰ গুৱাহাটীৰ মঠ মন্দিৰবোৰত লুটপাত চলোৱাৰ পাছত চোৰৰ টাৰ্গেট এতিয়া বেংক। মহানগৰীত চোৰৰ তাণ্ডৱ অব্যাহত আছে। মঠ মন্দিৰত চুৰি কৰি লাভৱান নোহোৱা চোৰে হাত দিলে বেংকত। বুধবাৰে উত্তৰ গুৱাহাটী ইউনাইটেড বেংকত পুৱাই লাগিল কৰ্মচাৰীৰ মাজত হুলস্থূল। পুৱাই কাৰ্য্যালয়লৈ আহি বেংক কৰ্মচাৰীয়ে ভগা অবস্থাত চাটাৰ প্ৰত্যক্ষ কৰে। গেটৰ তলা ভাঙি চোৰে প্ৰৱেশ কৰে।

ইয়াৰ পাছতে চোৰে চি চি কেমেৰাৰ সংযোগ বিচ্ছিন্ন কৰে। বেংকৰ আলমাৰি লণ্ডভণ্ড কৰে। কিন্তু নাপালে ধনৰ ভাণ্ডাৰ। চোৰে চি চি টিভিৰ মণিটৰত কাপোৰ ঢাকি হাত সৰাৰ চেষ্টা কৰে। অদূৰদৰ্শী চোৰে এটা চি চি কেমেৰা ভাঙে যদিও আন দুটা সক্ৰিয় হৈ আছে। ইফালে তলা ভঙা সামগ্ৰী বেংকৰ ভিতৰতে এৰি যায়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

চি চি টিভিৰ ফুটেজৰ দ্বাৰা চোৰ ধৰা পৰাৰ সম্ভাৱনা প্ৰৱল। উল্লেখ্য যে পূৰ্বেও বেংকটিত অনুৰূপ ঘটনা সংঘটিত হৈছিল। যাৰবাবে উত্তৰ গুৱাহাটী আৰক্ষীৰ নৈশ পহৰাৰ ওপৰত সন্দেহৰ আঙুলি ৰাইজৰ। ৰাইজে শীঘ্ৰেই চোৰক আৰক্ষীয়ে কৰায়ত্ব কৰাৰ বাবে দাবী জনাইছে লগতে আৰক্ষী নৈশ তহলদাৰী নিয়মীয়াকৰণ জৰিয়তে ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তা দিয়াৰ বাবে বিভাগটোৰ উৰ্ধতন কৰ্তৃপক্ষই চোকা দৃষ্টি দিব বুলি আশাবাদী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।