ঘগ্ৰাপাৰ প্ৰেছ ক্লাবত প্ৰয়াত সাংবাদিক, ছাত্রনেতা প্ৰদীপ কলিতাক স্মৰণ

 07/14/2020 - 20:27

                                                                                             

বাহাৰঘাটঃ সাংবাদিকতাৰে সমাজ সেৱাৰ পথ বাছি লোৱা নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰেছ কাব্লৰ তদানীন্তন সম্পাদক'' দৈনিক অগ্ৰদূত'ৰ ঘগ্ৰাপাৰৰ সাংবাদিক, প্ৰাক্তন ছাত্র নেতা তথা শিক্ষক প্ৰয়াত প্ৰদীপ কলিতাৰ আজি দ্বাদশ তম্ বাষিৰ্কী মৃত্যু তিথি উপলক্ষে ঘগ্ৰাপাৰ প্ৰেছ ক্লাবত এখন স্মৃতিচাৰণ অনুষ্ঠান আয়োজন কৰা হয়। ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই আঁত ধৰা স্মৃতিচাৰণ অনুষ্ঠিত মুখ্য বন্তি প্ৰজ্বলনৰে কাৰ্যসূচী আৰম্ভণি কৰে ঘগ্ৰাপাৰ প্ৰেছ কাব্লৰ সভাপতি অমূল্য কলিতাই। সাংবাদিক প্ৰদীপ কলিতাৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন আৰু স্মৃতিচাৰণ অনুষ্ঠানত সতীৰ্থ সাংবাদিক, বিশিষ্ট ব্যক্তিসকলে প্ৰয়াত সাংবাদিক কলিতাৰ প্ৰতিচ্ছৱিত পুস্পাজ্ঞলি প্ৰদান কৰি মৌন প্ৰাৰ্থনা কৰে।

ইয়াৰ পিছতে স্মৃতি ৰোমন্থন কৰি সাংবাদিক তথা ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ উপদেষ্টা ফাইজুৰ ৰহমানে কয় য়ে সাংবাদিক প্ৰদীপ নতুন প্ৰজন্মৰ বাবে প্ৰেৰনা প্ৰতীকে নহয় তেওঁ আছিল এগৰাকী সৎ , সাহসী, নিৰ্ভীক সাংবাদ সেৱক আছিল। শিক্ষক তথা সাংবাদিক অমূল্য কলিতা আৰু প্ৰাক্তন ছাত্ৰ নেতা শৰৎ কলিতা, সাংবাদিক বীৰেন কলিতাই প্ৰয়াত সাংবাদিক, শিক্ষক, প্ৰাক্তন ছাত্ৰ নেতা কলিতাৰ সান্নিধ্য লাভ কৰাৰ স্মৃতি সুৱৰি আৱেগিক হৈ পৰে। অনুষ্ঠানত নলবাৰী জিলা উন্নতি সভাৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা, সাংবাদিক তপন দাস, ঘগ্ৰাপাৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি হীৰকজ‍্যেতি শৰ্মা, অগপ নেতা কনক কলিতা, সাংবাদিক দ্বিজেন ডেকা, জগত তালুকদাৰ, হামিদ আলী, প্ৰাক্তন ছাত্ৰ নেতা হেমন্ত হালৈ, আদিয়ে অংশগ্ৰহণ কৰে। স্মৃতিচাৰণ অনুষ্ঠানটি ধৰি প্ৰয়াত সাংবাদিক প্ৰদীপ কলিতাৰ অঞ্চলটোৰ ভালেসংখ্যক গুণগ্ৰাহী উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.