নেতাৰ পুত্ৰক মাস্ক পিন্ধিবলৈ কৈ চাকৰি গ'ল অাৰক্ষীৰ

 07/14/2020 - 20:31

 

নিউজ ডেস্কঃ মন্ত্ৰী-পুত্ৰৰ বন্ধুক মাস্ক পিন্ধিবলৈ কোৱাৰ বাবেই চাকৰি এৰিব লগা হ'ল এগৰাকী মহিলা অাৰক্ষীয়ে। এই ঘটনা গুজৰাটৰ ছুৰাট চহৰৰ। কেইজনমান যুৱকে মাস্ক পৰিধান নকৰাকৈ ৰাজপথত "তহল" দি থকা ধৰা পেলায় সুনীতা যাদৱ নামৰ এগৰাকী মহিলা অাৰক্ষীয়ে।

যুৱককেইজনে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কুমাৰ কানানিৰ পুত্ৰক খবৰ দিয়াত তেওঁ অাহি অাৰক্ষী কনিষ্টবল সুনীতা যাদৱক অষভ্য অাচৰন কৰাৰ লগতে বন্ধুকেইজনক "উদ্ধাৰ" কৰি লৈ যায়। এনে অৱস্থাত হতাশাত ভোগা সুনীতা যাদৱে চাকৰিৰ পৰা ইস্তফা দিয়ে। বুধবাৰৰ এই ঘটনা সংক্ৰান্তত ছুৰাটৰ অাৰক্ষী অায়ুক্তই তদন্তৰ নিৰ্দেশ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।