মৰিয়নিত এজন চিকিৎসকৰ দেহত ক’ভিড-১৯ পজিটিভ হোৱাৰ পাছতেই আতংকময় পৰিৱেশ

 07/15/2020 - 13:59

 

মৰিয়নিঃ মৰিয়নিত ইতিমধ্যে কেইবাগৰাকী ক’ভিড-১৯ পজিটিভ হোৱাৰ পাছতেই বিশেষকৈ এজন চিকিৎসকৰ শৰীৰত দেখা দিয়াৰ পাছত নগৰ খনত এক আতংকৰ পৰিবেশে বিৰাজ কৰিছে। এগৰাকী চিকিৎসকে কৰা ভূলৰ পৰিণাম ভূগিবলগীয়া হোৱাৰ অভিযোগ সমগ্ৰ মৰিয়নি বাসীৰ৷ জানিব পৰা মতে এগৰাকী ক’ভিড-১৯ পজিটিভ মহিলাক চিকিৎসা কৰাৰ পাছতো  চিকিৎসক গৰাকীয়ে মৰিয়নি নগৰৰ ২ খনকৈ চেম্বাৰত বহু সংখ্যক ৰোগীক চিকিৎসা প্ৰদান কৰি বহু লোকৰ সংস্পৰ্শত আহিছিল যাৰ পৰিপ্ৰেক্ষিতত মৰিয়নি প্ৰশাসনে চিকিৎসক জনে চিকিৎসা প্ৰদান কৰা লোক সকলৰ বাবে স্বাৱ পৰীক্ষা কৰিবলৈ এক শিবিৰৰ আয়োজন কৰিব বুলি ঘোষনা কৰাৰ পাছত আজি মৰিয়নি মহাবিদ্যালয়ৰ কমাৰ্চ বিভাগত অনুস্থিত হোৱা এই শিবিৰত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখা যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।