ধুবুৰীৰ পাগলাহাট গাঁও পঞ্চায়ত সভাপতিৰ কু-কৰ্মঃ বিধৱা মহিলাক ধৰ্ষণৰ অপচেষ্টা

 07/15/2020 - 14:09

 

ধুবুৰীঃ ধুবুৰী জিলাৰ পাগলাহাট পঞ্চায়ত সভাপতি ছোৰাৱ আলী সেখৰ কু-কৰ্ম। বিধবা মহিলাক ধৰ্ষণৰ অপচেষ্টা। ৰাইজৰ হাতত আটক হোৱাৰ আগতে সুযোগ বুজি সভাপতিৰ পলায়ন। সভাপতিৰ বিৰুদ্ধে পাগলাহাট আৰক্ষী নিৰীক্ষণ চকীত গোচৰ। সভাপতি ছোৰাৱ আলী সেখে  সোমবাৰে নিশা দহ বজাত একেখন গাঁৱৰে বুলবুলি মণ্ডল নামৰ মহিলা এগৰাকীৰ ঘৰত প্ৰবেশ কৰি মুখত চেপা দিয়াৰ লগতে যৌন নিৰ্যাতনৰ অপচেষ্টা চলায়।

ঘটনা বিষম দেখি বুলবুলিয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ গোট খোৱাত ছোৰাৱে কোনোমতে  পলাই যাবলৈ সক্ষম হয়। বুলবুলি মণ্ডলে ছোৰাৱৰ বিৰুদ্ধে পাগলাহাট আৰক্ষী নিৰীক্ষণ চকীত এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও ছোৰাৱ এতিয়াও পলাতক অৱস্থাত আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।