মৃত নে জীৱিতঃ আমগুৰি সামূহিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

 05/08/2019 - 19:43

আমগুৰিঃ বৰবাম চাহ বাগিচাৰ দুই শতাধিক লোকে আমগুৰি সামূহিক চিকিৎসালয়ত সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ।বাগিচাখনৰে প্ৰিয়ম তাঁতী নামৰ এজন ছাত্ৰক চিকিৎসকে মৃত ঘোষণা কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।আমগুৰি অৰুণোদয় একাডেমীৰ বাণিজ্য শাখাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ আছিল প্ৰিয়ম তাঁতী।

ঘটনা অনুসৰি আজি পুৱা ১০ বজাত বৰবাম বাগিচাৰ পকা লাইনৰ দেৱচৰণ তাঁতীৰ পুত্ৰ প্ৰিয়ম তাঁতীয়ে(১৮)নিজা ঘৰৰপৰা কিছু দূৰত দৌৰি আহোতে ওপৰমুখ কৰি পৰি যায়। ফলত অচেতন হৈ পৰে। ঘটনাৰ কিছু সময়ৰ পিছত স্থানীয় একাংশ লোকে প্ৰিয়মক পৰি থকা দেখি ততাতৈয়াকৈ আমগুৰি চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে প্ৰিয়ম তাঁতীক মৃত ঘোষণা কৰে।

পৰৱৰ্তী সময়ত যুৱকজনক সৎকাৰৰ ব্যৱস্থা কৰিবলৈ লওঁতেই কিছু লোকে যুৱকজনৰ বুকুত হেঁচা দিয়াত বমি কৰি দিয়ে। ফলত যুৱকজন জীয়াই আছে বুলি পুনৰ চিকিৎসালয়লৈ আনে। এইবাৰো চিকিৎসকে মৃত ঘোষণা কৰে। ৰাইজৰ দাবী যুৱকজন জীয়াই আছে।ডাক্তৰে মিছা মাতিছে।ফলত চিকিৎসালয়ৰ চৌহদত হুৱাদুৱা উত্তপ্ত পৰিস্থিতি।

ইয়াৰ মাজতে পুনৰ যুৱকজনক ১০৮ সেৱাৰ যোগেদি জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায়। জয়সাগৰতো চিকিৎসকে মৃত ঘোষণা কৰে। স্মতব্য যে আমগুৰিৰ তিনিজনকৈ চিকিৎসকে মৃত ঘোষণা কৰা পিছতো স্থানীয় একাংশই যুৱকজন জীয়াই থকা বুলি দাবী কৰি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা ঘটনাই সচেতন লোকক চিন্তিত কৰি তুলিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।