সংখ্যালঘুৰ শত্ৰুক চিনি থোৱা ভাল, কামত আহিবঃ বদৰুল ইছলাম

 05/08/2019 - 19:57

ডিজিটেল ডেস্কঃ ধর্মীয় আৰু ভাষিক সংখ্যালঘুৰ আচল আৰু নকল শত্রুবোৰক ৰাইজ আৰু দল সংগঠনবোৰে ভাল দৰে চিনি থলোঁ আৰু চিনি-জানি থোৱাটো সময়ৰ আহ্বান বুলি কয় উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ সভাপতি বদৰুল ইছলামে। এক প্ৰেছ বিজ্ঞপ্তিত সংগঠনটোৰ সভাপতিয়ে কয় অসমৰ পৰা এটা চক্ৰই বিদেশী সমস্যাৰ স্থায়ী সমাধান হোৱাটো কেতিয়াও নিবিচাৰে কিয়নো যদি এই সমস্যাৰ সমাধান হৈ যায় তেতিয়াহলে তেওঁলোকৰ নিৰ্বাচনী ইছ্যু আৰু ধন ঘটাৰ আলাউদ্দিনৰ চাকি নোহোৱা হৈ যোৱাৰ বাবেই বিদেশী সমস্যাটোক জীয়াই ৰাখিব বিচাৰিছে একাংশই।

অসমৰ ৰাইজে ভাবিছিল সন্মানীয় উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত এখন শুদ্ধ আৰু নিকা এখন নাগৰিকপঞ্জী প্ৰস্তুত হ’ব। কিন্তু সংখ্যালঘুৰ উন্নয়ন নিবিচৰা আৰু শান্তি দেখিব নোৱাৰা সংখ্যালঘুৰ শত্রুসকলে ভাৰতীয় নাগৰিকক পুনৰীক্ষণৰ বাবে যি আবেদন দাখিল কৰিছে তাৰ পৰা তেওঁলোকৰ আচল চৰিত্ৰ সমূহ উদঙাই দিলে। ভাৰতীয় নাগৰিকত্বৰ সম্পূৰ্ণ ৰূপে নথিপত্ৰ থকাৰ পিছতো একাংশ লোকে আৰু দল-সংগঠনৰ কৰ্মীয়ে যি হাৰাশাস্তি কৰাৰ পৰিকল্পনা কৰিছে এইক্ষেত্ৰত 'নেমছু'য়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি কয়। এইবিষটোত আছু আৰু এবছুৰ দৰে জাতীয় সংগঠনৰ নাম জড়িত হৈ পৰাটো অতি দুখৰ বিষয় বুলি কয় নেমছু'ৰ সভাপতি বদৰুল ইছলামে।

এবছু আৰু আছুৰ কৰ্মীয়ে জোৰ জৱৰদস্তি কৰি ভাৰতীয় সংখ্যালঘূ ৰাইজৰ বিৰুদ্ধে যি ভয়ানক ষড়যন্ত্ৰ কৰিছে সেইক্ষেত্ৰত অসম চৰকাৰৰ কোনোবা নহয় কোনোবা জড়িত আছে বুলি বদৰুল ইছলামে অভিযোগ কৰিছে।এনে সাম্প্ৰদায়িক আৰু ভয়ানক কু-চক্ৰান্তবোৰৰ পৰা সংশ্লিষ্ট সকলোকে আঁতৰি থাকি এখন শুদ্ধ আৰু নিকা নাগৰিকপঞ্জী প্ৰস্তুতকৰণত সহায় কৰি বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত সহায় কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। এই বিদেশী সমস্যাৰ স্থায়ী সমাধান হলে অসমৰ ঐক্য, শান্তি-সম্প্ৰতি বৃদ্ধি হ’ব আৰু অসম আর্থ-সামাজিকভাৱে বহুত আগবাঢ়ি যাব বুলি কয় বদৰুল ইছলামে। সংখ্যালঘুসকলো মানুহ সেয়েহে তেওঁলোকক সকলোৰে লগত মিলিজুলি শান্তিত থাকিব দিয়ক বুলি কয় বদৰুল ইছলামে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।