বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ

 05/09/2019 - 12:03

বৰপেটাঃ বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত পিঠাদিপামৰ এজন যুৱকৰ বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

উল্লেখযোগ্য যে  পিঠাদিপাম গাঁৱৰ আৰফান আলীৰ পুত্ৰ মনিৰুল ইছলামে বৰপেটাৰ নগাঁৱৰ সমীপত বিদ্যুতৰ সংযোগ কৰিবলৈ গৈ বিদ্যুৎপৃষ্ট হৈ যুৱকজনৰ শৰীৰৰ বিভিন্ন অংশ জ্বলি যায়।

পিছত যুৱকজনক ততাতৈয়াকৈ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত ভৰ্তি কৰা হয় যদিও মৃত্যুমুখত পৰে। পিছত মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি ঘৰলৈ অনা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।