এটিএম কাৰ্ড অবিহনে হৰলুকি মহিলাৰ সাচতীয়া জমা ধন

 05/09/2019 - 12:26

ওৰাংঃ ওদালগুৰি জিলাৰ ৰৌতাত আজব ঘটনা। এটিএম কাৰ্ড অবিহনে উলিয়াই নিলে এগৰাকী মহিলাৰ সাচতীয়া জমা ধন। বুধবাৰে দেৱীমায়া দেৱী নামৰ এগৰাকী মহিলাই নিজৰ জমা টকা উলিয়াবলৈ আহিছিল ৰৌতা চাৰিআলিত থকা এছ বি আই বেংকত আৰু নিজৰ জমা ধন উলিয়াবলৈ আহি হতাশ হৈ পৰিল এই গৰাকী মহিলা।

কাৰণ মহিলাগৰাকীৰ নামত জমা থকা ৭৩ হাজাৰকৈ টকা এটিএম যোগে উলিয়াই নিলে কোনো লোকে। মহিলাগৰাকীৰ নিজৰ হাতত এটিএম কাৰ্ডখন থকাৰ পাছতো কোনে কি কৌশলেৰে কেনেদৰে উলিয়াই নিলে তেখেতৰ নামত থকা জমা ধন!সমগ্ৰ ঘটনাটোৰ তদন্ত বিছাৰি ৰৌতা আৰক্ষী থানাত এজাহাৰৰ দাখিল কৰিছে মহিলা গৰাকীয়ে।

উল্লেখ্য যে কিছুদিন পূৰ্বে ৰৌতা চাৰিআলিত আন এজন যুৱকৰ আৰু মহিলাৰ পৰাও ৰৌতা শাখাৰ এছ বি আই বেংকৰ পৰা সাচতীয়া জমা ধন সৰকাই নিছিল।ৰৌতা চাৰিআলিত থকা এছবিআই বেংকটোত আৰু এটিএম টোত কোনো সুৰক্ষা ব্যৱস্থা আৰু সুৰক্ষা কৰ্মী নোহোৱাৰ বাবেই এনে ঘটনা সঘনাই সংঘটিত হোৱাৰ অভিযোগ বেংকটোৰ গ্ৰাহকৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।