এডোখৰ ভূমিৰ বাবেই হত্যা কৰিলে নববিবাহিত যুৱককঃ মৃতদেহ লৈ থানা চৌহদত প্ৰতিবাদ

 05/09/2019 - 13:05

ডবকাঃ হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত নিজ ডবকা গাঁৱত এক জঘন্য হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আৰক্ষীয়ে অপৰাধীক সুৰক্ষা দিয়াৰ  অভিযোগ তুলি ভুক্তভোগী পৰিয়ালে ডবকা থানা চৌহদত মৃতদেহ লৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ ঘটনাৰ বিৱৰণী অনুসৰি ডবকা থানাৰ অন্তৰ্গত নিজ ডবকা গাঁৱৰ দুটা পৰিয়ালৰ মাজত এডোখৰ ভূমিক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল৷ সেই কাজিয়াৰ মীমাংসাৰ বাবে যোৱা ৩০ এপ্ৰিলত গাওঁখনত এক সামাজিক বৈঠক অনুষ্ঠিত হৈছিল৷

বৈঠক চলি থকাৰ মাজতেই পূৰ্বৰ পৰাই দা-লাঠি লৈ সষ্টম হৈ থকা ছাদ্দাম হুছেইন, ফকৰ উদ্দিন, মুজিবুৰ ৰহমান, লুৎফুৰ ৰহমান, হিফজুৰ ৰহমান আৰু জিয়াবুৰ ৰহমান নামৰ যুৱক কেইজনে অতৰ্কিতে আক্ৰমণ চলায় বিপৰীত পক্ষৰ শ্বহিদ আফ্ৰিদ বৰভূঞা নামৰ যুৱকজনৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যৰ ওপৰত৷

এই দলৱদ্ধ আক্ৰমণৰ ফলত শ্বহিদ আফ্ৰিদ, আফতাব উদ্দিন আৰু শ্বহিদৰ ভগ্নী গুৰুতৰভাৱে আহত হয়৷ আঘাতপ্ৰাপ্ত আটাইকে প্ৰথমে ডবকা চিকিৎসালয়ত ভৰ্তি  কৰা হয় যদিও শ্বহিদৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে৷ শ্বহিদৰ মাতৃ ৰুকিয়া বেগমে ঘটনা সংক্ৰান্তত ডবকা থানাত এখন এজাহাৰ দাখিল কৰে। বিপৰীত পক্ষৰ হৈ তয়মুন নেচা নামৰ মহিলা এগৰাকীয়ে ওলোটাই গোচৰ তৰে৷ ডবকা আৰক্ষীয়ে ঘটনাৰ তদন্ত নকৰাকৈ এক ৰহস্যজনক পৰিস্থিতিত এটা পক্ষৰ  (বিপৰীত পক্ষই তৰা) গোচৰটো ১২৬/২০১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১/৩২৩/৩৫৪/২৯৪/৩২৫/৩৪২ ধাৰাত পঞ্জীয়ন কৰে৷

কিন্তু অতি ৰহস্যজনকভাৱে ডবকা আৰক্ষীয়ে ভুক্তভোগী শ্বহিদ আফ্ৰিদৰ পৰিয়ালে তৰা গোচৰটো তদন্ত কৰা দূৰৈৰ কথা, পঞ্জীয়ন কৰাও নাছিল৷ ইপিনে আক্ৰমণত গুৰুতৰভাৱে আহত শ্বহিদে মৃত্যুৰ সতে যুঁজি অৱশেষত যোৱা মঙ্গলবাৰে গুৱাহাটী মেডিকেল কলেজত শেষ নিশ্বাস ত্যাগ কৰে৷ ভূমিকেন্দ্ৰিক বিবাদৰ ফলত এটা সপ্তাহ চিকিৎসালয়ত যুঁজি অকাল মৃত্যুক সাৱটি লোৱা শ্বহিদৰ পৰিয়ালে তৰা গোচৰটো পঞ্জীয়ন কৰিবলৈ ডবকা আৰক্ষী মান্তি হোৱা নাছিল৷ ডবকা আৰক্ষীয়ে মৃত্যু হোৱা যুৱকজনৰ মৃত্যু হোৱাৰ প্ৰমাণ দিবলৈ পৰিয়ালৰ লোকক বিভিন্ন ধৰণৰ হাৰাশাস্তি চলাইছিল৷

অৱশেষত ৰাইজৰ উগ্ৰমূৰ্তি দেখি ডবকা আৰক্ষীয়ে নিহত শ্বহিদৰ মাতৃ ৰুকিয়াই দাখিল কৰা এজাহাৰখন ১২৭/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৫/৩৪ নম্বৰত এটি সাধাৰণ ধাৰাত গোচৰ পঞ্জীয়ন কৰে৷ গোচৰত হত্যাৰ ধাৰা কিয় সংযোজন কৰা নাই, তাকে লৈও ৰহস্যৰ সৃষ্টি হৈছে৷ এনে অৱস্থাত ডবকা আৰক্ষীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ শ্বহিদৰ পৰিয়ালে শ্বহিদৰ মৃতদেহ লৈ যোৱা নিশা ডবকা থানাত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ হোজাই জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়া আৰু সেনা জোৱানে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে হোজাই জিলাৰ উপ আৰক্ষী অধীক্ষক ঘটনাস্থলিত উপস্থিত হৈ অভিযুক্তসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত মৃতদেহ নি সৎকাৰৰ ব্যৱস্থা কৰে৷ এতিয়া প্ৰশ্ন হয়, ন্যায় পাবনে শ্বহিদৰ পৰিয়ালে? নে অপৰাধীৰ পক্ষ লৈ কাম কৰিব ডবকা আৰক্ষীয়ে?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।