টি-২০ৰ সৰ্ব কনিষ্ঠ অধিনায়ক স্মৃতি মান্ধানা

 03/06/2019 - 19:03

মুম্বাইঃ ভাৰতৰ মোহময়ী মহিলা ক্ৰিকেটাৰ স্মৃতি মান্ধানাৰ নাম আহিছে শিৰোনামত। টি২০ ক্ৰিকেটৰ সবাতোকৈ কম বয়সৰ অধিনায়ক হোৱাৰ অভিলেখ গঢ়িলে ভাৰতৰ স্মৃতি মান্ধানাই। মংগলবাৰে গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে টি২০ শৃংখলাৰ প্ৰথমখন খেলত অধিনায়কত্ব কৰি স্মৃতিয়ে এই অভিলেখ গঢ়িবলৈ সক্ষম হয়। ২২ বছৰ ২২৯ দিনত স্মৃতি এই অভিলেখৰ অধিকাৰী হয়। ইয়াৰ পূৰ্বে ২০১০ চনত ক্ৰিকেটাৰ সুৰেশ ৰাইনাই ২৩ বছৰ ১৯৭ দিনত এই অভিলেখ গঢ়িছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।