বটদ্ৰৱাৰ ৰামপুৰ ছলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

 07/17/2020 - 20:32

 

বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ৰামপুৰ ছলাপথাৰত শুকুৰবাৰে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত শিশুসহ পাচঁজন লোক গুৰুত্বৰভাবে আহত হয়। ঘটনাৰ বিবৰণী মতে, নগাঁও- ডুমডুমীয়া সংযোগী গড়কাপ্তানি পথৰ ৰামপুৰ ছলাপথাৰত এচ ০২ এ বি ২৭৬১ নম্বৰৰ টেইভাৰ(TRIBER) গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতি থকা পুখুৰীত সোমাই পৰে। লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাৰে আটাইকে উদ্ধাৰ কৰি ১০৮ সেৱাৰে নগাঁৱলৈ প্ৰেৰণ কৰে। জানিব পৰা মতে, গাড়ীৰ ভিতৰত থকা মিনাৰা খাতুন, জয়নৱ বিবি, ছিদ্দিকা বেগম, ৰনজুমা বেগম   আৰু সাজিদা বেগম আটাইয়ে গুৰুত্বৰভাবে আঘাতপ্ৰাপ্ত হৈছে। ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.