এনআৰচি ভূৱা আপত্তিকলৈ সৰৱ ইত্তেহাদ ফ্ৰণ্টৰ সাধাৰণ সম্পাদক নুৰ ইছলাম

 05/09/2019 - 14:39

খাৰুপেটীয়াঃ উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া নিয়মাৱলী(sop)ক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি এনআৰচি কৰ্তৃপক্ষই ভুৱা আপত্তি গ্ৰহণ কৰি প্ৰমাণ কৰিছে যে সেই ভুৱা আপত্তিবোৰ এনআৰচি কৰ্তৃপক্ষৰ ছত্ৰছায়াতেই দাখিল হৈছে। এই অভিযোগ ইত্তেহাদ ফ্ৰণ্টৰ ৰাজ্যিক সাধাৰণ সম্পাদক নুৰ ইছলামৰ৷ sop বহিৰ্ভূত আপত্তি আবেদন সমূহ খাৰিজ হ’ব লাগিছিল যদিও তাকে নকৰি প্ৰতীক হাজেলাই নিৰীহ দুখীয়া লোকসকলক অযথা হাৰাশাস্তি কৰি নিজৰ পক্ষপাতমূলক স্বৰূপ উদঙাই দিছে।

ইত্তেহাদ ফ্ৰন্টে সেই সময়তে কৈছিল যি সময়ত এনআৰচিৰ দাবী, আপত্তি প্ৰক্ৰিয়াৰ শেষ নিশাত প্ৰায় তিনি লাখ এআৰএনৰ বিৰুদ্ধে আপত্তি দৰ্শোৱা হৈছিল সেই সময়তেই ইত্তেহাদ ফ্ৰণ্টে কৈছিল যে যদি শুদ্ধ এনআৰচি প্ৰস্তুত কৰাৰ বাবে আপত্তি দৰ্শোৱা হৈছে তেনেহ'লে আমি সমৰ্থন কৰো আৰু যদি কেৱলমাত্ৰ সংখ্যালঘূ লোকক হাৰাশাস্তি কৰাৰ উদ্দেশ্যে আপত্তি দৰ্শোৱা হৈছে এয়া কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে আৰু সেইটো এনআৰচি কৰ্তৃপক্ষই সুক্ষ্মভাৱে চালিজাৰি চাই ভূৱা আপত্তিসমূহ খাৰিজ কৰাৰ লগতে ভূৱা আপত্তিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিলো।

কিন্তু অতি ৰহস্য জনক ভাবে এনআৰচি কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ক অন্ধকাৰত ৰাখি ভূৱা তথা আবেনকাৰীৰ ঠিকনা অসম্পূৰ্ণ ভাবে উল্লেখ কৰা আবেদনকাৰীৰ পৰা আপত্তিসমূহ গ্ৰহণ কৰি প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি চলোৱাৰ ষড়যন্ত্ৰ চলোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে কেইবাজনো আপত্তিকাৰী ডিআৰচিআৰ লৈ আপত্তি উঠাই লোৱাৰ বাবে জনোৱা আবেদন সংগঠনটোৰ হাতত মজুত আছে বুলি জনাইছে। ইত্তেহাদ ফ্ৰন্টে এনআৰচি কৰ্তৃপক্ষ কৰ্তৃপক্ষক দাবী জনাইছিল যে অতি ভূৱা আপত্তিসমূহ খাৰিজ কৰাৰ লগতে ইতিমধ্যে আপত্তি নিষ্পত্তি বাবে হৈ থকা শুনানী সমূহত কোনো এজন আপত্তিকাৰী শুনানীত উপস্থিত থকা পৰিলক্ষিত হোৱা নাই।

এই ক্ষেত্ৰত শুনানী সম্পূৰ্ণ হোৱা আপত্তিসমূহ খাৰিজ কৰিবলৈ দাবী জনাইছিল সংগঠনটোৱে। যিসকল দল-সংগঠনে এনআৰচিত বাধা প্ৰদান কৰাৰ উদ্দেশ্যে অশিক্ষিত তথা নিৰীহ লোকৰ দ্বাৰা আপত্তি দৰ্শোৱাই প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি তথা সংখ্যালঘু লোকৰ সাংবিধানীক অধিকাৰ মানৱ অধিকাৰ খৰ্ব কৰাৰ চেষ্টা চলাইছে সেই সকলৰ বিৰুদ্ধে নাগৰিকত্ব আইন ১৯৫৫ৰ ধাৰা ১৭ মতে কঠোৰ শাস্তি প্ৰদানৰ লগতে একে নিশাত বৃহৎ সংখ্যক এআৰএন কোনে যোগান ধৰিছিল আৰু সম্পূৰ্ণ ঠিকনা উল্লেখ নকৰা আপত্তিসমূহ গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ক অৱমাননা কৰা আদি বিষয়ৰ ওপৰত ন্যায়িক তদন্তৰ দাবী জনাইছে সংগঠনটোৱে৷ অন্যথা সংগঠনটোৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক নুৰ ইছলাম আৰু উপ সভাপতি ৰুবুল আলীয়ে স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।