বোকাজানৰ পৰা সন্ধানহীন ৪ গৰাকী ছোৱালী

 05/09/2019 - 15:26

বোকাজানঃ বোকাজান নগৰৰ ১ নং ৱাৰ্ডৰ মাধৱপুৰ গাঁৱৰ ৪ গৰাকী ছোৱালী ৬ মে' তাৰিখৰ পৰা সন্ধানহীন হৈ থকা ঘটনাই বোকাজানত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিৱৰণী অনুসৰি ৬ মে'ৰ দিনৰ প্ৰায় ১১ বজাত বোকাজানৰ মাধৱপুৰ গাঁৱৰ বাসিন্দা ৰাকেশ গগৈৰ জীয়ৰী টিনা গগৈয়ে কম্পিউটাৰ ক্লাছ কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই অহাৰ উপৰি একেখন গাঁৱৰে ৰাকেশ প্ৰসাদৰ দুই কন্যা পম্পী প্ৰসাদ আৰু নেহা প্ৰসাদৰ লগতে প্ৰয়াত জগত গ'ৰৰ জীয়ৰী ফুছু গ'ৰেও ঘৰৰ পৰা ওলাই আহি বৰ্তমান লৈকে সন্ধানহীন হৈ আছে।

টিনা গগৈ বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ , পম্পী প্ৰসাদ দশম শ্ৰেণীৰ আৰু নেহা প্ৰসাদ অষ্টম শ্ৰেণীত শিক্ষাগ্ৰহন কৰাৰ লগতে আনগৰাকী ফুছু গ'ৰে বৰ্তমানলৈ শিক্ষা গ্ৰহণ কৰা নাই। গধূলি সময়লৈ ৰাকেশ গগৈৰ কন্যা ঘৰলৈ ঘূৰি নহা দেখি পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে যদিও গাঁৱখনৰ চাৰিজনী ছোৱালী ঘৰলৈ ঘুৰি নহা বুলি জানিব পাৰে আৰু পাছত টিনা গগৈৰ ঘৰত টিনা গগৈয়ে এখন চিঠিত কেৱল ' মা মা....' বুলি লিখি থোৱা দেখা পাই পৰিয়ালৰ কেইটাৰ মাজত মুহূৰ্ততে এক হুৱাদুৱা লাগে।

পৰিয়ালৰ লোকৰ লগতে গাঁৱৰ ৰাইজেও ছোৱালী চাৰিজনী এলেকাটোত বিচাৰ খোচাৰ কৰাৰ উপৰিও ছোৱালীকেইজনীৰ বন্ধু-বান্ধৱী, আত্মীয়ৰ ঘৰত যোগাযোগ কৰিও কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম নোহোৱাত পৰিয়ালৰ লোকে নিশা প্ৰায় ৭ বজাত ছোৱালী চাৰিজনী সন্ধানহীন হোৱা সম্পৰ্কত বোকাজান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে যদিও বোকাজান আৰক্ষীয়ে বৰ্তমান লৈকে ছোৱালী কেইজনীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইপিনে চাৰিজনীকৈ ছোৱালী কি কাৰণত, কেনে পৰিস্থিতিত পৰি সন্ধানহীন হৈ আছে সেয়াও এক ৰহস্য হৈ পৰিছে । কোনো লোকে যদি এই চাৰি গৰাকীকৈ ছোৱালীৰ সন্ধান পাই তেন্তে পৰিয়ালৰ লোকে ফোন নম্বৰ ৭৮৯৬৯৫১৯৮৩ ত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।