বন্ধ হৈ পৰিছে স্কুলৰ কোঠা নিৰ্মাণৰ কাম: শিক্ষা গ্ৰহণত সমস্যাৰ সন্মুখীন ছাত্ৰ-ছাত্ৰী

 05/09/2019 - 15:37

কলগাছিয়া: বৰপেটা জিলাৰ জাহোৰপাম হাইস্কুলৰ এমএছডিপি আঁচনিৰ জৰিয়তে অতিৰিক্ত কোঠা নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। কিন্ত্ত বিগত এবছৰ ধৰি নিৰ্মাণৰ কাম বন্ধ হৈ আছে হাইস্কুলখনত।

জাহোৰপাম হাইস্কুলৰ প্ৰধান শিক্ষক তথা স্কুল পৰিচালনা সমিতিয়ে কামটো বন্ধ হোৱাৰ কাৰণ জানিবলৈ ঠিকাদাৰগৰাকীক ফোন এটা কৰিলেও ফোন নধৰে বুলি স্কুলৰ প্ৰধান শিক্ষকগৰাকীৰ পৰা জানিব পৰা গৈছে।

স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণী কোঠাৰ অভাৱৰ কাৰণে শিক্ষা গ্ৰহণত ব্যাঘাত জন্মালৈ লক্ষ্য কৰি বিভাগীয় কৰ্তৃপক্ষক এই ক্ষেত্ৰত এটা যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিবলৈ স্কুল পৰিচালনা সমিতিয়ে আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।