বৰপেটাৰ বিদ্যালয়ত চোৰৰ উপদ্ৰৱ

 05/09/2019 - 15:51

কলগাছিয়া: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুনিয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিশা চোৰে চলাই ছাফাই অভিযান। চোৰে প্ৰথমে বিদ্যালয়খনৰ গেটৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি কম্পিউটাৰ লেৱৰ তলা ভাঙি ৮ টা মনিটৰ, ৮ খন কী-ৱৰ্ড, ৬ টা বেটেৰী, ৮ টা মাউচ চুৰি কৰি লৈ যায়।

ৰাতিপুৱা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে বিদ্যালয়ত আহি ঘটনা প্ৰত্যক্ষ কৰে বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে কলগাছিয়া আৰক্ষী থানা এলেকাৰ বিভিন্ন বিদ্যালয়, বজাৰ, মছজিদ আদিত সঘনাই চুৰি কাৰ্য সংঘটিত হৈ আহিছে যদিও এইক্ষেত্ৰত কলগাছিয়া আৰক্ষীৰ ভূমিকা সন্তোষজনক নহয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।