এনআৰচি প্ৰক্ৰিয়াত ভূৱা অভিযোগৰে হাৰাশাস্তি সাধাৰণ জনতাক

 05/09/2019 - 19:02

উত্তৰ গুৱাহাটী: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ খচৰাত নাম অন্তৰ্ভুক্ত বহুলোকৰ বিৰুদ্ধে এচাম দুষ্টচক্ৰই উদ্দেশ্য প্ৰনোদিতভাৱে ভুৱা অভিযোগ দাখিল কৰাৰ ফলত অনাহকতে হাৰাশাস্তিৰ সন্মুখীন হৈছে বহু পৰিয়াল। বহু ভাৰতীয় নাগৰিক হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়াত পৰিছে। এই ভুৱা অভিযোগবোৰ নিষ্পত্তি কৰিবলৈ যাওঁতে অবাবত সময় আৰু অৰ্থ ব্যয় হৈছে। দুষ্টচক্ৰৰ এনে কাৰ্যত এনআৰচি প্ৰক্ৰিয়া ওপৰত ভুক্তভোগীৰ লগতে ৰাইজে বিশ্বাস হেৰুৱাবলৈ বাধ্য হৈছে।

সমগ্ৰ ৰাজ্যতে এনে ভুৱা অভিযোগকাৰীসকলে ন্যায়ালয়ৰ নিৰিক্ষণত চলা প্ৰক্ৰিয়াটোক ভেঙুচালি কৰি নিজৰ বৈধ পৰিচয় উল্লেখ নকৰাকৈ জধেমধে ভিত্তিহীন অভিযোগ দাখিল কৰাৰ অভিযোগ উত্থাপিত হৈছে। কিন্তু এনে অভিযোগ কি ভিত্তিত গৃহীত কৰা হ'ল বুলি ৰাজ্যজুৰি প্ৰশ্ন উত্থাপিত হৈছে। অভিযোগকাৰীৰ অভিযোগৰ ওপৰত নাগৰিকত্ব (নাগৰিকৰ পঞ্জীয়ন আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান) বিধি ২০০৩ ৰ পৰিশিষ্টৰ ধাৰা ৬(৩) অধীনত ৰাজ্যৰ হাজাৰ হাজাৰ ব্যক্তিক নিষ্পত্তিকাৰী বিষয়াৰ ওচৰত শুনানীৰ বাবে হাজিৰ হ'বলৈ নিৰ্দেশ জাৰি কৰিছে।

ফলত ভিত্তিহীন অভিযোগত বিলাই বিপত্তি নোহোৱা হৈছে এনআৰচিৰ লিগেচি কোড থকা বহু পৰিয়াল। ১৯৬৫ চনতে লিগেচি ব্যক্তি হৰিকান্ত গোস্বামীৰ লিগেচি কোড ১৮০৫০৪২৪৭০৯ ব্যৱহাৰ কৰা আবেদন প্ৰপত্ৰ নং ১০১৮৩২১০২১২৬১৭৭১০৬ ৰ আবেদনকাৰী হৰিকান্ত গোস্বামীৰ কন্যা অনুপমা গোস্বামীও পৰিয়ালৰ অন্যান্য ব্যক্তিৰ নাম অন্তৰ্ভুক্তিৰ বিৰুদ্ধে আপত্তি দিয়ে কোনো অজ্ঞাত ব্যক্তিয়ে।

ফলতে বিবাহসূত্ৰে উত্তৰ গুৱাহাটীৰ, ৰজাদুৱাৰৰ গোপীনাথ বৰদলৈ পথৰ নিবাসী অনুপমা গোস্বামীৰ লগতে পৰিয়ালটোৰ সৰহভাগেই হাৰাশাস্তিৰ সন্মুখীন হয়। লগতে পুনৰবাৰ বংশবৃক্ষকে ধৰি সকলো প্ৰপত্ৰ যাতে নিষ্পত্তিকাৰী বিষয়াৰ ওচৰত অভিযোগকাৰীয়ে নিৰিক্ষণ কৰিব পাৰে সেইবাবেই ৮ মে'ত দিনৰ এক বজাত নলবাৰী জিলাৰ অন্তৰ্গত মুকালমুৱা বৰটলা হাইস্কুলৰ সমীপৰ ভেটেনেৰী কাৰ্যালয়ত উপস্থিত হয়। কিন্তু অভিযোগকৰ্তা উপস্থিত নহ'ল।

নিষ্পত্তিকাৰী বিষয়াগৰাকীয়ে দিয়া তথ্য অনুযায়ী ৬ মে'ৰ পৰা শুনানী আৰম্ভ হোৱাৰ পৰা ৮ মে' পৰ্যন্ত এজনো অভিযোগকৰ্তা উক্ত কেন্দ্ৰটোত উপস্থিত হোৱা নাই। এনদৰে মিছা অভিযোগৰে অসমৰ স্হায়ী বাসিন্দাসকলক হাৰাশাস্তি কৰা কাৰ্যক সকলোৱে একমুখে গৰিহণা দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।