ৰাজ্যৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত ব্যৰ্থ সোণোৱাল চৰকাৰঃ অসমৰ বন্যাক্ৰান্তক প্ৰধান মন্ত্ৰীৰ ফোন নহয় ফাণ্ড লাগে- মটক ছাত্ৰ সন্থা

 07/21/2020 - 15:48

 

ডিব্ৰুগড়ঃ ৰাজ্যৰ শেহতীয়া বানপানীৰ কবলত সৰ্বস্ৰান্ত হোৱা ৰাইজক উপযুক্ত সাহাৰ্য্য আগবঢ়োৱাত সামৰ্থ নোহোৱা ৰাজ্যৰ সৰ্বানন্দ সোনোৱাল চৰকাৰ খন সামগ্ৰিকভাৱে বান পৰিস্থিতিৰ লগত মোকাবিলা কৰাত চূড়ান্তভাবে ব্যৰ্থ হৈছে। এই অভিযোগ উত্থাপন কৰিছে সদৌ অসম মটক ছাত্ৰ সন্থাই।

সোমবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা যুগল বৰুৱা আৰু কাৰ্যকৰী সভাপতি ৰাতুল গগৈয়ে কয় যে-কাগজে পত্ৰই আৰু কেৱল সংবাদ মাধ্যমৰ যোগে প্ৰচাৰ কৰা বিজ্ঞাপনৰ জৰিয়তে উন্নয়নৰ ঢাক ঢোল বজোৱা ৰাজ্যৰ সৰ্বানন্দ সোনোৱালৰ নেতৃত্বাধীন চৰকাৰ খনে শেহতীয়া বান পৰিস্থিতিৰ স'তে মোকাবিলা কৰিব নোৱাৰি বানপীড়িতৰ সাহাৰ্য্যৰ বাবে লক দুৰ্যোগৰ সময়তো ৰাইজৰ পৰা সহায় বিছৰাটোৱে প্ৰকৃততে সোণোৱাল চৰকাৰখন যে চূড়ান্ত ব্যৰ্থ বা বিফল তাকে প্ৰমাণ কৰিছে।

তাতোতকৈ দুৰ্ভাগ্যজনক বিষয় যে যি সময়ত একেখন চৰকাৰে অনৰ্থক ভাবে কৌটি কৌটি টকা খৰছ কৰি ফ্লিম ফেয়াৰ অনুষ্ঠিত কৰিব পাৰে কৌটি কৌটি টকা শৰাধ কৰি নমামী বা অন্য উৎসব, পূজা-পাৰ্বন পাতিব পাৰে একেখন চৰকাৰে কিন্তু নিজৰ ৰাজ্যৰ জনসাধাৰণৰ বানত ককবকাই মৃত্যুৰ গৰাহত থাকিলেও উপযুক্ত সাহাৰ্য্য দিয়াত অক্ষম। এয়া নিশ্চিতভাৱে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত এখন চৰকাৰে ভোটদাতা ৰাইজৰ প্ৰতি কৰা দায়িত্বহীনতা আৰু অন্যায়ৰ এক চূড়ান্ত নিদৰ্শন। সদৌ অসম মটক ছাত্ৰ সন্থাই সোণোৱাল চৰকাৰৰ এই অকৰ্মণ্যতাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

সন্থাৰ নেতাদ্বয়ে কয় যে ৰাজ্যত সম্প্ৰতি বানপানীত ক'ৰনাতকৈ অধিক মানুহৰ মৃত্যু হৈছে। তৎসত্বেও কিন্তু ৰাজ্য চৰকাৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন নহয়। চৰকাৰে ক'ৰনাৰ অজুহাতত ৰাজ্যৰ বানপানীৰ সমস্যাটোক একাষৰীয়া কৰিব বিছাৰিছে। অন্যহাতে সন্থাৰ নেতাদ্বয়ে ক্ষোভেৰে কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক মাথো ফোন কৰিয়েই অসমৰ প্ৰতি থকা দায়িত্ব সামৰিব বিছাৰিছে। অসমৰ বানপীড়িত ৰাইজক প্ৰধানমন্ত্ৰীৰ ফোনৰ প্ৰয়োজন নাই ফাণ্ডৰ হে প্ৰয়োজন।

অসমৰ বানপীড়িতৰ সাহাৰ্য্যৰ বাবে কেন্দ্ৰীয় চৰকাৰে উপযুক্ত পুঁজি আগবঢ়াই অসমৰ প্ৰতি থকা দায়বদ্ধতাৰ পৰিচয় দিয়ক। এই পুঁজি অসমীয়াৰ নায্য প্ৰাপ্য। এই পুঁজি যুগ যুগ ধৰি কেন্দ্ৰীয় চৰকাৰে অসমৰ পৰা লুণ্ঠন কৰা প্ৰাকৃতিক তথা খনিজ সম্পদ বিপৰীতে কিঞ্চিত ৰাজহ স্বৰূপ। এয়া কেতিয়াও কেন্দ্ৰৰ অনুগ্ৰহপূৰ্বক বৰঙণি বা অনুদান হব নোৱাৰে।

এয়া অসমীয়া ৰাইজৰ অধিকাৰ। সেয়েহে মটক ছাত্ৰ সন্থাই কেন্দ্ৰীয় চৰকাৰক অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সতে মোকাবিলা কৰিব পৰাকৈ অসমীয়া ৰাইজৰ প্ৰাপ্যৰ ভিতৰত বৰ্তমান অতিকমেও ১০০০ কোটি টকা মোকলাই দিবলৈ দাবী উত্থাপন কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াইয়ো প্ৰধানমন্ত্ৰীয়ে ফোন কৰি বান পৰিস্থিতিৰ বুজ লোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰচাৰ কৰাৰ সলনি সাম্প্ৰতিক বান পৰিস্থিতিৰ সতে মোকাবিলা কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰি পুঁজি মোকলাই অনাৰ প্ৰয়াস কৰাৰ আহ্বান জনায় মটক ছাত্ৰ সন্থাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।