ধৰ্ষণৰ ঘটনাক কেন্দ্ৰ কৰি গোসাঁইগাঁৱৰ কাশিয়াবাৰীত তীব্ৰ উত্তেজনা

 05/09/2019 - 19:12

শ্ৰীৰামপুৰঃ কোকৰাঝাৰ জিলাৰ সাপকাটা আৰক্ষী চকীৰ অৰ্ন্তগত কাশিয়াবাৰীত এক ধৰ্ষণৰ ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ মা।ঘটনাৰ বিবৰণী মতে বি টি চি ৪ নম্বৰ যমদুৱাৰ পৰিষদীয় সমষ্টি অধিনস্থ বুঢ়াচৰা ভি চি ডি চি সভাপতি নিৰধ নাৰ্জাৰীৰ বিৰুদ্ধে ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মহিলাই।ইয়াক কেন্দ্ৰ কৰি আজি পুৱা কাশিয়াবাৰীত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় একাংশ পুৰুষ মহিলাই।প্ৰাপ্ত অভিযোগ মতে কাশিয়াবাৰী বজাৰৰ বাসিন্দা তথা বিটিচিৰ বুঢ়াচৰা ভিচিডিচিৰ সভাপতি নিৰধ নাৰ্জাৰীয়ে (৩৫) একেটা অঞ্চলৰ এগৰাকী বিবাহিতা মহিলাক ফুচুলাই আজিৰ পৰা ১৫ দিন মান পূৰ্বে ধৰ্ষণ কৰে আৰু এই ঘটনাৰ কথা প্ৰকাশ কৰিলে পৰিস্থিতি বিষম হ’ব বুলি ভাবুকি প্ৰদান কৰে।

যাৰ বাবে মহিলাগৰাকীয়ে ইমান দিনে উক্ত ঘটনা সম্পৰ্কে পৰিয়াল তথা স্বামীক অৱগত কৰা নাছিল। যোৱানিশা ভুক্তভোগী মহিলা গৰাকীয়ে ধৰ্ষণৰ ঘটনাৰ বিষয়ে সকলো কথা স্বামীক জনায়। আজি পুৱা মহিলাগৰাকীৰ স্বামী পৰিয়ালৰ লোক তথা স্থানীয় একাংশ পুৰুষ মহিলাই একগোট হৈ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত তথা জনপ্ৰতিনিধি নিৰধ নাৰ্জাৰীৰ বাসগৃহ ঘেৰাও কৰি  নাৰ্জাৰীক ঘৰৰ পৰা বলপূৰ্বক টানি চোঁচৰাই বাহিৰ কৰি শাৰীৰিক ভাৱে আক্ৰমণ কৰাৰ সময়তে গোসাঁইগাঁও আৰক্ষীৰ এটি দল উপস্থিত হৈ ৰাইজৰ হাতৰ পৰা নাৰ্জাৰীক উদ্ধাৰ কৰি গোসাইগাঁও থনালৈ লৈ আনে।

আনহাতে অভিযুক্ত নিৰধ নাৰ্জাৰীৰ পত্নীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে স্বামীৰ ভাবমূৰ্ত্তি তথা ৰাজনৈতিক জীৱন ধ্বংস কৰাৰ বাবে মিছা অভিযোগ দি বিৰোধী ৰাজনৈতিক চক্ৰই ষড়যন্ত্ৰমূলক ভাৱে এই ৰূপ দিছে। ভূৱা অভিযোগ জাপি দি ষড়যন্ত্ৰকাৰী দলটোৱে এজন জনপ্ৰতিনিধিক দলবদ্ধ ভাৱে আক্ৰমন কৰাটোৱে মূল উদ্দেশ্য আছিল বুলি পত্নীয়ে অভিযোগ কৰে৷ আনহাতে যমদুৱাৰ ব্লক বিপিএফৰ সাধাৰন সম্পাদক জ্যোতি দৈমাৰীয়ে ৰাইজৰ এনে উদ্ভণ্ডালিক তীব্ৰ ভাষাৰে গৰিহনা দি এয়া সম্পূৰ্ণৰুপে ৰাজনৈতিক ষড়যন্ত্ৰ বুলি প্ৰকাশ কৰে৷ দুয়োটা পক্ষই থানাত এজনে আনজনৰ বিৰুদ্ধে গোচৰ তৰিছে।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।