হত্যা নে আত্মহত্যা: দুলীয়াজানত মৃত্যু হোৱা শিৱসাগৰৰ যুৱকৰ মৃত্যুক লৈ ৰহস্য

 05/09/2019 - 19:21

শিৱসাগৰ: শিৱসাগৰৰ যুৱকৰ দুলীয়াজানত সন্দেহজনক আত্মহত্যা৷ শিৱসাগৰৰ মঠাদাঙৰ ত্ৰিনয়ন গগৈ নামৰ যুৱকজনে দুলীয়াজানত কৰ্মৰত অৱস্থাতে আত্মহত্যা কৰা ঘটনাক হত্যাকাণ্ড বুলি দাবী ত্ৰিনয়নৰ পৰিয়ালৰ৷

এগৰাকী চাৰি বছৰীয়া কন্যা সন্তানৰ পিতৃ ত্ৰিনয়নক প্ৰতিষ্ঠানৰ গৰাকী দিপু দত্তই হত্যা কৰাৰ অভিযোগ ত্ৰিনয়নৰ মাতৃ আৰু ভগ্নীৰ ৷ দীৰ্ঘদিনে মালিক দিপু দত্তই ত্ৰিনয়নক মানসিক শাৰিৰীক অত্যাচাৰ চলাই অহাৰ লগতে প্ৰাপ্য বেতনো প্ৰদান কৰা নাছিল বুলি অভিযোগ উত্থাপন ত্ৰিনয়নৰ মাতৃ-ভগ্নীৰ৷

ত্ৰিনয়নৰ শৰীৰৰ মূৰ, পেটকে ধৰি বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট থকা বুলি প্ৰকাশ কৰি ত্ৰিনয়ন গগৈৰ ভগ্নীয়ে দিপু দত্তই হত্যা কৰি ওলমাই থোৱা বুলি দাবী কৰে৷ দিপু দত্তৰ বিৰুদ্ধে হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰে ত্ৰিনয়নৰ মাতৃয়ে৷

উল্লেখযোগ্য যে দিপু দত্তৰ শিৱসাগৰৰ লগতে দুলিয়াজানতো বাৰ আছে। দিপু দত্তৰ লগতে বিগত ৯ বছৰ ধৰি কাম কৰি আছিল মৃত ত্ৰিনয়ন গগৈয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।