শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌল চৌহদ কন্টেইনমেন জ'ন ৰূপে ঘোষণা

 07/22/2020 - 14:14

 

শিৱসাগৰঃ মঙলবাৰে দৌল চৌহদত কৰ্মৰত সঞ্জীৱ দাস নামৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী এজনৰ শৰীৰত ক'ভিড-১৯ পজিটিভ পোৱাত আজি শিৱসাগৰ জিলা প্ৰশাসনে সমগ্ৰ দৌল চৌহদটো  কন্টেইনমেন জ'ন হিচাপে ঘোষণা কৰে। আনহাতে সঞ্জীৱ দাসৰ বাসগৃহ থকা যমুনা ৰোড নিউ কলনি এলেকাও কন্টেইনমেন জ'ন হিচাপে ঘোষণা কৰে শিৱসাগৰ জিলা প্ৰশাসনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।