শিক্ষক হাকিম উদ্দিন আহমেদৰ মৃত্যু

 05/09/2019 - 19:37

হাউলী: শালবাৰী মহকুমাৰ অন্তৰ্গত পাকৃগুৰী গাঁৱৰ বিশিষ্ট নাগৰিক, সমাজকৰ্মী তথা পাকৃগুৰী এম ই স্কুলৰ সহকাৰী শিক্ষক হাকিম উদ্দিন আহমেদৰ বুধবাৰে নিশা ২.৩০ বজাত হৃদক্ৰিয়া বন্ধহৈ নিজ বাস ভৱনত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৯ বছৰ। তেওঁ মৃত্যুৰ আগ মূহুৰ্তলৈকে অঞ্চলটোৰ বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাবে জড়িত আছিল।

আহমেদৰ আকস্মিক মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। তেখেতে মৃত্যুৰ সময়ত পত্নী, দুই পুত্রসহ বহুতো আত্মীয় স্বজন ইহ সংসাৰত এৰি থৈ যায়। শিক্ষক আহমেদৰ মৃত্যুত বৰপেটা জিলা আমছুুৰ সভাপতি নজৰুল ইছলাম, পাকৃগুৰী আঞ্চলিক আমছু, বাকসা জিলা আমছু আদিয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

আজি পুৱা ১০.৩০ বজাত পাকৃগুৰী ঈদগাহ ময়দানত প্ৰায় পোন্ধৰশ লোকৰ উপস্থিতিত আহমেদৰ জানাজা সম্পন্ন কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।