বৰশিমলুৱাত বান সাহায্য বিতৰণ গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ

 07/23/2020 - 13:12

 

বাহাৰঘাটঃ গুৱাহাটী বিশ্ববিদ্যালয় ছাত্র সমাজে zomato fiding indiaৰ সহযোগত বৰভাগ অঞ্চলৰ বৰশিমলুৱা গাঁৱৰ ১৭৫ টা বানাক্ৰান্ত পৰিয়ালক বান সাহায্য প্ৰদান কৰে। বিশ্ববিদ্যালয়ৰ ছাত্র ধ্ৰুৱজ্যোতি কলিতা, স্নাতকোত্তৰ ছাত্র সন্থাৰ প্ৰাক্তন উপ-সভাপতি জিতুমণি কলিতাৰ লগতে ছাত্ৰ শৈলেন কলিতা, কঙ্কন তালুকদাৰ, দীপাংকৰ ডেকা, সৌৰভ হালৈ, মৃদুল তালুকদাৰ, ধনমনি কলিতা, জিন্টু শৰ্মা, টুটুমনি শৰ্মা, অমৰ ভূঞাৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোৱে বানবিধস্ত অঞ্চলটোত খাদ্য সামগ্ৰী, নিত্য প্ৰয়োজনীয় সামগ্ৰী আৰু মহিলাৰ বাবে sanitary napkin বিতৰণ কৰে। উক্ত কাৰ্যসূচীত বৰভাগৰ স্থানীয় যুৱক প্ৰাণজিত দাস, গৌতম নম:শূদ্ৰ, সূৰ্য দাসে সহযোগ কৰে। বছৰটোৰ তৃতীয় বানপানীৰ সৈতে সহবাস কৰি থকা অঞ্চলটোত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্র ব্ৰজেন কলিতা উপস্থিত হৈ অঞ্চলটোৰ ৰাইজৰ মাজত সামগ্ৰী বিতৰণ কৰাত বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ ছাত্র সকলক সহযোগ আগবঢ়াই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.