বাক্সাৰ বেটাগাঁৱত পুঠিমাৰী প্ৰবল খহনীয়াৰ বাবে জীয়াতু ভূগিছে অঞ্চলবাসীয়ে

 05/09/2019 - 19:39

গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং বেটাগাঁৱৰ পুঠিমাৰীৰ প্ৰৱল খহনীয়াৰ খবৰ ল’বলৈ আহৰি নাই মন্ত্ৰী কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ। হয় বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে বৃদ্ধি পাইছিল পুঠিমাৰী নৈৰ পানী, বিগত সময়ত পানী কমাৰ লগে লগে আৰম্ভ হৈছে তীব্ৰ খহনীয়াৰ , এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ অথবা বিটিচি পৰিষদীয় চৰকাৰৰ জলসম্পদ বিভাগৰ হেমাহিৰ বাবে দুৰ্ভোগ ভূগিছে প্ৰায় পাঁচ,ছয়খন গাঁৱৰ গঞাই|

উল্লেখ্য যে, প্ৰতি বছৰে হোৱা খহনীয়াৰ ফলত নৈৰ বুকুত জাহ গৈছে হাজাৰ হাজাৰ বিঘা কৃষি ভূমিৰ লগতে বহুতো লোকৰ ঘৰ-বাৰী। ফলত গৃহহীন বহুটো পৰিয়াল|ৰাইজৰ অভিযোগ মতে ক্ষতিগ্ৰস্ত লোকসকলক ৰাজ্য চৰকাৰ তথা বিটিচি পৰিষদীয় চৰকাৰে কোনো ধৰণৰ ক্ষতিপূৰণ দিয়া নাই মাত্ৰ গৰাখহনীয়া ৰোধ কৰিবৰ বাবে মাত্ৰ কেইডাল মান বাঁহ যোগান ধৰি দায়িত্ব সামৰে বিভাগীয় কৰ্তৃপক্ষই।

লগতে কয় যে নৈত চলি থকা শিল-বালি খননৰ ফলত এতিয়া দুৰ্ভোগ ভূগিছে অঞ্চলবাসীয়ে| এই শিল-বালি খনন কাৰ্য বন্ধ কৰিবলৈ ৰাইজে কৈ আহিছে যদিও একাংশ ঠিকাদাৰ গুন্দা বাহিনীয়ে ভাবুকি প্ৰদান কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে|এইক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ কি ব্যৱস্থা লয় সেয়া হে হ’ব লক্ষ্যণীয়|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।