সমষ্টিৰ নাম বিলুপ্তিৰ প্ৰতিবাদত টীয়কত মানৱ শৃংখল

 07/23/2020 - 16:39

 


টীয়কঃ গাঁওৰক্ষী বাহিনীৰ প্ৰতিস্থাপক, টীয়ক সমষ্টিৰ প্ৰথমজন বিধায়ক হৰিনাৰায়ণ বৰুৱা, ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱা, সাহিত্যচাৰ্য যতীন্দ্ৰ কুমাৰ গোস্বামী, সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱা আদিৰ দৰে পুৰোধা ব্যক্তি সৈতে জড়িত ইতিহাস প্ৰসিদ্ধ টীয়ক সমষ্টিৰ নাম বিলুপ্তি কৰি কলিয়াপানী সমষ্টি কৰিব বিচৰা কাৰ্যৰ পিছতে জাঙুৰ খাই উঠিছে টীয়কৰ সৰ্বস্তৰৰ ৰাইজ।

কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ এনে সিদ্ধান্তৰ পিছতেই আজি জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত আছু, চুতীয়া ছাত্র সন্থা আৰু স্থানীয় ৰাইজৰ সহযোগত সেই সিদ্ধান্তৰ বিৰোধিতাৰে অসম ৰাজ্যিক বাছ আস্থানৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পিছত টীয়কৰ চক্ৰবিষয়াৰ যোগেদি কেন্দ্ৰীয় চৰকাৰৰ মুখ্য নিৰ্বাচনী বিষয়া, ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.