বৰপেটা কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী কৃত্তিকাৰ সাফল্য

 05/09/2019 - 19:51

বৰপেটা: বৰপেটাস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী কৃত্তিকা ওজাই ২০১৮-১৯ বৰ্ষত অনুষ্ঠিত সৰ্বভাৰতীয় "ধাই অক্ষৰ" পত্ৰ লেখা প্ৰতিযোগিতাত ( National Level Dhai Akhsar Letter writing Competition) ওঠৰ বছৰৰ অনুৰ্ধ শাখাত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷

কলাগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ "আমাৰ দেশেৰ মাটি" ৰ পৰা অনুপ্ৰাণিত হৈ ভাৰতীয় ডাক বিভাগে আয়োজন কৰা আই এল চি ( ILC) শিতানৰ পত্ৰ লেখা শিতানৰ বিষয় বস্তু আছিল “মাতৃভূমিলৈ চিঠি" ( Letter to my motherland)৷ উল্লেখ্য যে, এই অভিযানৰ বিজয়ীসকলক উৎসাহিত কৰিবলৈ ভাৰতীয় ডাক বিভাগে বিজয়ীসকলৰ ফটো সম্বলিত ডাক টিকট ছপা কৰি উলিয়াইছে৷

সেইমৰ্মে কৃত্তিকা ওজাৰ নামতো ডাক বিভাগে প্ৰকাশ কৰিছে ৰঙীন ফটো সম্বলিত ডাৰ টিকট৷ বিজয়ী সুত্ৰে তেওঁ লগতে এটি ট্ৰফি আৰু নগদ ১০ হেজাৰ টকা লাভ কৰিছে৷ হিন্দী আৰু ইংৰাজী মাধ্যমত অনুষ্ঠিত এই পত্ৰ লেখা প্ৰতিযোগিতাত কৃতিত্ব লাভ কৰা কৃত্তিকা বৰপেটাৰ কলয়াহাটী নিবাসী ইন্দ্ৰমোহন ওজা আৰু ইনা কলিতাৰ জীয়ৰী৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।