বঢ়মপুৰ সমষ্টিৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ আৰু খাদ্য-সামগ্ৰী বিতৰণ কংগ্ৰেছ সজাতি দলৰ

 07/23/2020 - 19:54

 

কামপুৰঃ বঢ়মপুৰ সমষ্টিৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ আৰু খাদ্য-সামগ্ৰী বিতৰণ কংগ্ৰেছ সজাতি দলৰ। সজাতি দলটোত উপস্থিত থাকে ৰাজ্যৰ বিৰুধী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ লগতে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডঃ দুৰ্লভ চমোৱা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে ৰকিবুল হুছেইনে। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'ৰনা সম্পৰ্কত কৰা মন্তব্যৰ বিপৰীতে চামগুৰি বিধায়ক ৰকিবুল হুছেইনে মন্তব্য কৰে যে কাম হলে মই আৰু কাম নহলে ভগৱান।

হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত কথাৰ ফুলজাৰি মৰাৰ বিপৰীতে কৰ্যত শূণ্যতা প্ৰদৰ্শন কৰে। ক'ৰনাত ৰাজ্য চৰকাৰ সম্পূৰ্ণ ৰূপে ব্যৰ্থ। উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মতে কংগেছ দলে ৰিজ্যৰ বিভিন্ন প্ৰান্তত বানাক্ৰান্ত অঞ্চল সমূহ পৰিদৰ্শন কৰাৰ লগতে খাদ্য-সামগ্ৰী বিতৰন কৰা বুলি ৰকিবুল হুছেইনে সাংবাদিকক জানিবলৈ দিয়ে। নগাঁও জিলাৰ সভাপতি সম্পাদক ভাস্কৰ জ্যোতি বৰা, কংগ্ৰেছ নেতা ৰোহিনী বৰুৱা, শশী বৰদলৈ, সঞ্জীৱ শইকীয়া লগতে কঠীয়াতলী ব্লক কংগ্ৰেছৰ কৰ্মী বৃন্দ উপস্থিত থাকে।     

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।