বটদ্ৰৱাৰ ধনীয়াভেটি পথাৰত ভূমিকেন্দ্ৰিক সংঘাত: মহিলাসহ আহত পাঁচজন

 05/09/2019 - 19:59

বটদ্ৰৱা: নগাওঁ জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ধনীয়াভেটি পথাৰত আজি দুটা ফৈদৰ মাজত হোৱা ভূমিকেন্দ্ৰিক সংঘাতত এটা পৰিয়ালৰ পাঁচজনকৈ লোক গুৰুতৰভাৱে আহত হয়। ঘটনাৰ বিবৰণী মতে পুৱা ১০ বজাত ধনীয়াভেটি পথাৰৰ নিৱাসী আব্দুল ৰশ্বিদ(৩২), আব্দুল কৰিম(২৮) আৰু আব্দুল ৰফিক(৩৪) নামৰ লোককেইজনে ঘৰৰ সমীপতে থকা নিজৰ পুখুৰীত মাছ মাৰিবলৈ গৈছিল। পাছত উক্ত গাৱঁৰে আতাবুৰ ৰহমান, মহম্মদ আলী, আহমদ আলী, ওচমান আলী নামৰ লোককেইজনে মাছ মাৰি থকা আব্দুল ৰশ্বিদ, আব্দুল কৰিম আৰু আব্দুল ৰফিকক বাধা প্ৰদান কৰাত দুই পক্ষৰ মাজত প্ৰথমে কথাৰ কটা কটি হয়।

পৰবৰ্তী সময়ত আতাবুৰ ৰহমানৰ ফৈদে দা, লাঠি আৰু তৰোৱালেৰে আব্দুল ৰশ্বিদৰ পক্ষক আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। উক্ত আক্ৰমণৰ ফলত আব্দুল ৰশ্বিদ(৩২), আব্দুল কৰিম(২৮) আব্দুল ৰফিক(৩৪), ফাতেমা খাতুন(৫৬)সহ পাচঁজন লোক গুৰুত্বৰ ভাৱে আহত হয়। স্থানীয় ৰাইজ আৰু আত্মাীয় স্বজনে আহত আটাইকেইজনক তেজেৰে লুতুৰি- পুতুৰি অৱস্থাত ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি প্ৰথমে বটদ্ৰৱা প্ৰাথমিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

ইয়াৰে আব্দুল ৰশ্বিদ আৰু আব্দুল কৰিমৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আনহাতে পবিত্ৰ ৰমজান মাহৰ তৃতীয় দিনা ধনীয়াভেটি পথাৰত এডোখৰ ভূমিক লৈ ৰক্তপাত হোৱা ঘটনাত সমগ্ৰ অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে। জানিব পৰা মতে উক্ত দুই ফৈদৰ মাজত দীৰ্ঘদিন ধৰি ভূমিকেন্দ্ৰিক সংঘাত চলি থকাৰ বাবেই এনে ঘটনা সংঘটিত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।