কৃষি বিভাগৰ কাণ্ড: ধাননি পথাৰত ধানৰ পৰিৱৰ্তে উলাইছে পতান

 05/09/2019 - 20:12

জুৰীয়া: দুচকুতে সপোন দেখিছিল। বুকুভৰা আশা লৈ পথাৰত নামিছিল। বৰো ধানৰ খেতি কৰিব। বছৰটো সুখত থাকিব। এই আশা কৰিছিল জুৰীয়াৰ কৃষকে। কিন্তু কৃষকৰ আশাত চেঁচাপানী ঢালিলে খোদ কৃষি বিভাগে। ধাননি পথাৰত ধান নাই আছে এতিয়া পতান।

জুৰীয়াত কৃষি বিভাগৰ চৰম প্ৰতাৰণাৰ অভিযোগ কৃষক ৰাইজৰ। কৃষকসকলে জানিবলৈ দিয়া মতে কৃষি বিভাগৰ পৰা উন্নত মানৰ বীজ সংগ্ৰহ কৰিছিল জুৰীয়াৰ কৃষকে। কিন্ত্ত ধানৰ ঠাইত এতিয়া ওলাইছে পতান। কৃষক ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। জুৰীয়াৰ লালুংগাৱ ধাননি পথাৰত হৈছে এই ঘটনা।

কৃষি বিভাগৰ পৰা লোৱা ধানৰ বীজতে খেলিমেলি থকাৰ অভিযোগ ৰাইজৰ। কৃষি বিভাগে কৰা প্ৰতাৰণাৰ উচিত তদন্তৰ দাবী কৃষক ৰাইজৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।