ধুবুৰীৰ গাইখোৱা পঞ্চায়তত ব্যাপক দুৰ্নীতি: সম্পাদকৰ নেতৃত্বত ধন লুণ্ঠনৰ অভিযোগ

 05/09/2019 - 20:33

গোলকগঞ্জ: ধুবুৰী জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ গাইখোৱা পঞ্চায়তৰ উন্নয়নমূলক কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। পঞ্চায়তখনৰ সম্পাদক আবুল কালাম সেখৰ নেতৃত্বতে ৰাস্তাঘাটৰ কামকে ধৰি বিভিন্ন উন্নয়নমূলক আঁচনিৰ ধনৰ সামান্য কাম কৰিয়ে সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

পঞ্চায়তখনত এমজিএনৰেগা আঁচনিৰ ৪৯৯৮০২ (প্ৰায় পাচঁ লাখ ) টকাৰ আঁচনি গ্ৰহণ কৰা হৈছিল। কিন্তু কামটোত জৱকাৰ্ড লেবাৰৰ পৰিৱৰ্তে জেছিবিৰে সামান্য কাম কৰি সমুদায় ধন আত্মসাৎ কৰে সম্পাদকজনে। একেটা আচঁনিৰ বাবে ৭ লাখ টকাৰ আন এখন আচঁনি গ্ৰহণ কৰা হয় যদিও কামটোৰ কোনো তথ্য ফলক আঁৰি নিদিয়াকৈ সামান্য কাম কৰিয়ে সেই ধনো আত্মসাৎ কৰে।

ধন আত্মসাৎ কৰা এই ঘটনা দুটাৰ বিষয়ে ৰূপসী উন্নয়ন খণ্ডৰ অভিযন্তা আৰু খণ্ড উন্নয়ন বিষয়া জ্ঞাত বুলি স্বীকাৰ কৰে স্বয়ং পঞ্চায়তখনৰ সম্পাদকগৰাকীয়ে। স্বাভাৱিকতে উৰ্দ্ধতন বিষয়াৰ জ্ঞাতসাৰেই যে পঞ্চায়তখনত লুণ্ঠন চলাইছে সেইয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। ৰাইজে এই কামটোৰ লগতে পঞ্চায়তখনৰ কাম-কাজৰ উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।