নাহৰকটিয়াৰ বিবাহগৃহত অগ্নিকাণ্ড

 05/09/2019 - 20:39

ডিব্ৰুগড়: নাহৰকটীয়াত আজি এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। আজি পুৱা প্ৰায় ১০.৩০ বজাত নাহৰকটীয়াৰ টিপাম গাঁৱত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। ৰাম জোধা সিং নামৰ ব্যক্তিজনৰ ঘৰত চলি আছিল বিবাহৰ অনুষ্ঠান।

বিবাহ অনুষ্ঠানৰ ৰান্ধনীগৃহত ভাত বনাই থকাৰ সময়তে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে অগ্নিকাণ্ডৰ সময়ত কোনো লোক হতাহত হোৱাৰ খবৰ লাভ কৰা নাই। স্থানীয় লোকৰ তত্পৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

আনহাতে এই অগ্নিকাণ্ডক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।