বাক্সাৰ বিদ্যুৎ বিভাগত বৃহৎ ব্যৱসায়

 05/10/2019 - 12:45

গোৰেশ্বৰঃ বাক্সাৰ বেটাগাঁৱত বিদ্যুৎ বিভাগত চলিছে বৃহৎ ব্যৱসায়। লাইনৰ তাঁৰৰ বাবদ গঞা ৰাইজৰ পৰা সংগ্ৰহ ১৫০০ পৰা ২০০০ টকা।তথাপিও সম্পূৰ্ণ ৰূপে লাইটৰ পোহৰ পোৱা নাই একাংশ ৰাইজে। ঠিকাদাৰ চান্দু ডেকাই লাভ কৰিছিল ঠিক। তাৰ পিছতো ৰাইজৰ হাতৰ ধনেৰে ৰাইজে সংগ্ৰহ কৰিব লগা হৈছে বিদ্যুতৰ সামগ্ৰী।

উল্লেখনীয় বিষয় যে ৯০ দিনৰ ভিতৰত লাইটৰ পোহৰ পাইছে মাত্ৰ ১৫ দিন,এতিয়াও পোহৰ পোৱা নাই একাংশ ৰাইজে। কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ লোকে লাইন ভাল কৰিব আহিলে ৰাইজে ভৰিব লাগে মাচুল।

ৰাইজৰ অভিযোগ বিদ্যুতৰ খুঁটাত যি ধৰণে তাঁৰবোৰ সংযোগ কৰিব লাগিছিল তেনেকুৱা কৈ নকৰাৰ ফলত গছৰ পাত পৰিলেও এতিয়া খুঁটাৰ পৰা নামি আহে বিদ্যুতৰ তাঁৰ আৰু মেৰামতি কৰাৰ বাবদ ৰাইজে দিব লাগে ৫০০ পৰা ৬০০ টকা।

ৰাইজৰ প্ৰশ্ন বিদ্যুতৰ বিল পৰিশোধ কৰাৰ পিছতো সময়মতে লাইন নোপোৱাৰ উপৰিও কিয় ভৰিৱ লাগে মাচুল। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি গুৰুত্ব প্ৰদান কৰে সেয়া হ’ব এতিয়া লক্ষণীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।