শিৱসাগৰত জলসম্পদ বিভাগৰ আজৱ কাণ্ড

 05/10/2019 - 13:07

শিৱসাগৰঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ নিষ্ক্ৰিয়তা। শিৱসাগৰ জিলাৰ নৈ কাষৰীয়া অঞ্চলৰ গঞা ৰাইজৰ বিলৈ।

শিৱসাগৰ জিলা জলসম্পদ বিভাগৰ অৱহেলাৰ বাবেই দিচাং নদীৰ গৰাখহনীয়াই লৈছে ভয়াৱহ ৰূপ। ৰাজ্য চৰকাৰৰ বিয়াগোম বিভাগৰ অকৰ্মণ্য বিষয়াই চলাইছে কেৱল মাত্ৰ কেইটামান বাঁহৰ খুটাৰে খহনীয়া ৰোধৰ অপচেষ্টা।

শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত আখৈফুটীয়া দিচাং নদীৰ মথাউৰি এইটো।

এই মথাউৰিৰ ওপৰেই দৈনিক যাতায়ত কৰে মাজুমেলিয়া, গোঁহাই গাওঁ, ডিমৌমুখ আদি কেইবাখনো গাঁৱৰ হাজাৰ হাজাৰ ৰাইজে। মথাউৰিৰ খহনীয়াৰ ফলত যোগাযোগ বিছিন্ন হৈছে ৰাইজৰ। উচন হৈছে ঘৰ,ভেঁটি।

ৰাইজক খহনীয়াৰ পৰা ৰক্ষা কৰাৰ সলনি এমজিএনৰেগাৰ জৰিয়তে মাত্র কেইটামান বাঁহৰ খুটা পুতি ৰাইজক আভুৱা ভাৰিছে জলসম্পদ বিভাগে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।