মমতাৰ প্ৰতিকৃতি চৰ,লাঠিৰ কোবেৰে দাহ কৰি বিজেপিৰ উত্তাল প্ৰতিবাদ

 05/10/2019 - 13:13

গুৱাহাটীঃ মমতা বাহিনীৰ অগণতান্ত্ৰিক কাণ্ডৰ ক্ষোভ প্ৰশমিত হোৱা নাই।

জালুকবাৰী সমষ্টিৰ প্ৰিয় নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক মমতা বাহিনীয়ে কৰা আক্ৰমণৰ ক্ষোভৰ জুই উমি উমি জ্বলিছে সমষ্টিত। উত্তৰ গুৱাহাটীৰ ফুলুঙত মমতাৰ বৰ্বৰতাৰ বিৰুদ্ধে সৰৱ হ'ল ৰদ্ৰেশ্বৰ পঞ্চায়ত বিজেপি।

ৰাজপথত মমতাৰ প্ৰতিকৃতিত চৰ আৰু লাঠিৰ কোব দি প্ৰতিকৃতি জ্বলাই ক্ষোভ উজাৰিলে জালুকবাৰী বিজেপিয়ে। জালুকবাৰী বিজেপিৰ হুংকাৰ,সঠিক তদন্ত নহলে বৰঝাৰ বিমান কোঠত ভৰি থব নিদিয়ে মমতাক।মমতা হুচিয়াৰ,টিএমচি মুৰ্দাবাদ ধ্বনিৰে উত্তাল হ’ল উত্তৰ গুৱাহাটী।

জনপ্ৰিয় নেতাগৰাকীক প্ৰাণে মৰাৰ বৃথা প্ৰচেষ্টাক ধিক্কাৰ দিলে প্ৰতিবাদকাৰী সকলে। উত্তৰ গুৱাহাটী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।