ভাষিক সংখ্যালঘূ আৰু ধৰ্মীয় সংখ্যালঘূ লোকৰ ওপৰত অত্যাচাৰ বন্ধ কৰকঃ হুংকাৰ চাৰিটা সংগঠনৰ

 05/10/2019 - 13:33

কোকৰাঝাৰঃ হিন্দু, বেংগলীসকলৰ ওপৰত একপক্ষীয়ভাৱে অত্যাচাৰ চলাইছে চৰকাৰে৷

এনআৰচিৰ নামত ভাষিক সংখ্যালঘূ আৰু ধৰ্মীয় সংখ্যালঘূক অত্যাচাৰ চলোৱা হৈছে৷ এই বিস্ফোৰক অভিযোগ কৰিছে বৃহত্তৰ অসম বাঙালী উন্নয়ন সমিতি,স্বামী বিবেকানন্দ যুৱ সমিতি,শ্বহীদ মহিলা

উন্নয়ন সমিতি আৰু আৰ.ছি.ছি অৱ বেংগলী টাইগাৰ ফৰ্চৰ নেতৃবৃন্দই৷ আজি কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত চাৰিটাকৈ সংগঠনৰ নেতৃবৃন্দই উক্ত অভিযোগ কৰি লগতে কয় যে অতিশীঘ্ৰে এনআৰচিৰ নামত ভাষিক সংখ্যালঘূ আৰু ধৰ্মীয় সংখ্যালঘূ লোকৰ ওপৰত অত্যাচাৰ বন্ধ নকৰিলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব৷

চৰকাৰ,প্ৰশাসনৰ চক্ৰান্তৰ বাবেই হাৰাশাস্তি কৰা হৈছে৷ প্ৰকৃত ভাৰতীয় লোকক কোনোপধ্যেই হাৰাশাস্তি কৰা সহ্য কৰা নহ’ব বুলি হুংকাৰ দিছে চাৰিটাকৈ সংগঠনৰ নেতৃবৃন্দই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।