ডুমডুমাৰ দৈমুখীয়া চাহ-বাগিচাৰ এগৰাকী যুৱতীৰ চিকিৎসা অবিহনে চিকিৎসালয় চৌহদত মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি আজিও উত্তপ্ত হৈ আছে ডুমডুমা

 07/28/2020 - 16:29


 
 
ডুমডুমাঃ সোমবাৰে ডুমডুমাৰ দৈমুখীয়া চাহ-বাগিচাৰ এগৰাকী যুৱতীৰ চিকিৎসা অবিহনে চিকিৎসালয় চৌহদত মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি আজিও উত্তপ্ত হৈ আছে ডুমডুমা| সালিনা নায়ক নামৰ যুৱতি গৰাকীৰ পেট বিষ হোৱাত সোমবাৰে পুৱা ডুমডুমাৰ চৰকাৰী চিকিৎসালয়ত অনা হৈছিল কিন্তু অভিযোগ অনুসৰি প্ৰায় ৩ ঘণ্টা সময় চিকিৎসালয় চৌহদত থাকিও চিকিৎসাৰ অবিহনে যুৱতী গৰাকীৰ মৃত্যু হয়| এই ঘটনায়ে উত্তপ্ত কৰি তুলে ডুমডুমা|

চাহ জনজাতি ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাই মৃতদেহ লৈ ৰাজপথ অৱৰোধ কৰি চিকিৎসক ড০ ৰঞ্জিত দাসৰ বিৰোধে শাস্তিমুলক ব্যৱস্থা গ্ৰহন কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ ক্ষতিপুৰন প্ৰদান কৰাৰ দাবী জনাই| জিলা প্ৰশাসনে বিষয়টোৰ তদন্ত কৰাৰ পিচত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰি মৃতদেহ মৰণোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ কৰে| উক্ত ঘটনাক প্ৰতিবাদ জনাই আটছা আৰু আছা সংগঠনে আজি ১২ ঘণ্টীয়া ডুমডুমা বন্ধ ঘোষনা কৰাত সমগ্ৰ ডুমডুমা অঞ্চল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে| সংগঠন দুটাই আজি নগৰখনত এক প্ৰতিবাদী সমদল ওলিয়াই ডুমডুমা চৰকাৰী চিকিৎসালয়ৰ সন্মুখত স্বাস্থ্য বিভাগ আৰু ড০ ৰঞ্জিত দাসৰ বিৰোধে তীব্ৰ প্ৰতিবাদ জনাই| 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।